ETV Bharat / state

মহানগৰীত নিশা চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

author img

By

Published : Nov 3, 2019, 2:41 PM IST

মহানগৰীৰ ছয়মাইলত শনিবাৰে নিশা চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰৰ দল৷ লগতে ছয়গাঁৱৰ ঔগুৰীতো গৰু চোৰক আটক কৰাক লৈ উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীৰ সন্মুখতে ৰাইজে জ্বলালে চোৰে ব্যৱহাৰ কৰা বাহন ৷

ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

গুৱাহাটী, 3 নৱেম্বৰঃ মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰ ডকাইতৰ কাহিনী । দৈনন্দিন ইটোৰ পিছত সিটো নতুন বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে মহানগৰীত । শনিবাৰে নিশাও মহানগৰীৰ ছয়মাইলত সংঘটিত হয় এনে এক অনুৰূপ ঘটনা । নিশা চোৰৰ এটা দলে ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত এখন বলেৰ বাহন চোৰ কৰিব আহি ৰাইজৰ ৰোষত পৰে । পাছত উত্তম মাধ্যম শোধাই দিছপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে যদিও ঘটনাস্থলীৰ পৰা ধৃত দুই চোৰ পলায়ন কৰে । অৱশ্যে দিছপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ বাবে আটকাধীন চোৰক জেৰা অব্যাহত ৰাখিছে ।

ছয়গাঁৱৰ ঔগুৰীত পাঁচ গৰু চোৰক আটক

লগতে পঢ়কঃনৱগঠিত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মানচিত্ৰ প্ৰকাশ

আনহাতে ছয়গাঁৱৰ ঔগুৰীত শনিবাৰে নিশা পাঁচ গৰু চোৰক কৰায়ত্ত কৰিলে স্থানীয় ৰাইজে | বানেশ্বৰ ৰাভা নামৰ এজন লোকৰ ঘৰৰ গোহালীত গৰু চোৰ কৰিবলৈ সোমাওতেই গৃহস্থই গম পাই চিঞৰ-বাখৰ কৰাত ওচৰৰ কেইবাজনো লোক ওলাই আহি চোৰ কেইটাক আটক কৰিবলৈ সক্ষম হয় ৷ ৰাইজে আটক কৰা গৰু চোৰ কেইটা ক্ৰমে বকোৰ জালালুদ্দিন, গৰৈমাৰীৰ হাছেন আলী, বকো তাৰাবাৰীৰ আলিমুদ্দিন, তাৰাবাৰীৰ ফৰিজুল হক আৰু সোণতলীৰ বিশ্বাস ৷ ধৃত চোৰ কেইটাই লগত লৈ অহা AS 25 CC 6191 নম্বৰৰ ডি আই গাড়ী এখনো জব্দ কৰে ৰাইজে ৷ ইপিনে ৰাইজে চোৰ কেইটাৰ ওপৰত ৰাজহুৱা বিচাৰ কৰি থকাৰ সময়তেই ছয়গাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ চোৰ কেইটাক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে৷ ইয়াৰ পিচতেই ৰাইজে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখন আৰক্ষীৰ সন্মুখতে জুই লগাই দিয়ে ৷

ছয়মাইলত ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

Intro: নিশা চোৰ কৰিব আহি ৰাইজৰ ৰোষত পৰিল চোৰ Body:মহানগৰীত দিনক দিনে বাঢ়ি গৈছে চোৰ লম্পটৰ কাহিনী। দৈনন্দিন ইটোৰ পিছত সিটোকৈ নিত্য নতুন চিলনী চোৰকে আদি কৰি বিভিন্ন অ-কাৰ্য্যকলাপ সংঘটিত হৈ আহিছে। শনিবাৰে নিশাও মহানগৰীৰ ছয়মাইলত সংঘটিত হৈ অনুৰূপ ঘটনা। ঘটনা অনুসৰি নিশা চোৰৰ এটা দলে ছয়মাইলৰ উৰণীয়া সেতুৰ তলত এখন বলেৰ বাহন চোৰ কৰিব আহি ৰাইজৰ ৰোষত পৰে। পাছত উত্তম মাধ্যম শোধাই দিছপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে যদিও ঘটনাস্থলীৰ পৰা ধৃত দুই চোৰ পলায়ন কৰে। সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ বাবে আটকাধীন চোৰক জেৰা অব্যাহত ৰাখিছে।

এই লম্পট চোৰ বিলাকক কেতিয়া নাকী লগাব পাৰিব আৰক্ষী প্ৰশাসনে? নৈশ পহৰা দিয়াৰ পিছতো কেনেকৈ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চোৰে চলাব পাৰে চাফাই অভিযান? এইক্ষেত্ৰত প্ৰশ্ন হয় যে এই লম্পট চোৰে ফিটিং কৰি ৰাখিছে নেকি হাই প্ৰফাইল আৰক্ষীক? সঠিক তদন্তই হে কব আচল কাহিনী।Conclusion:Asrar Ansari
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.