ETV Bharat / state

মঙলবাৰে ৰাজ্যত তাপমাত্ৰাই স্পৰ্শ কৰিলে ৩৭.৪ ডিগ্ৰী চেলছিয়াছ - ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ চিন্তা ৰাইজৰ

উৎকট গৰমৰ পৰা কেতিয়া ৰেহাই পাব ৰাজ্যবাসীয়ে ? ৩ আগষ্টত ২০২০ বৰ্ষৰ গৰমৰ সকলো অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই ৷

temperature-hit-2020-record-at-assam
ৰাজ্যত মঙলবাৰে তাপমাত্ৰাই চুলে ৩৭.৪ ডিগ্ৰী চেলছিয়াছ
author img

By

Published : Aug 4, 2020, 9:30 PM IST

দক্ষিণ কামৰূপ, 4 আগষ্টঃ উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ চিন্তা ৰাইজৰ । খাও খাও ৰ'দে বাৰুকৈয়ে অতিষ্ঠ কৰিছে ৰাজ্যবাসীক । গৰমৰ পৰা যেন সকলোৱে বিচাৰিছে পৰিত্ৰাণ । আনকি 3 আগষ্ট অথাৎ সোমবাৰৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিলে চলিত বৰ্ষৰ সকলো অভিলেখ । ৩ আগষ্টত গুৱাহাটীত সৰ্বোচ্চ তাপমানে স্পৰ্শ কৰিলে ৩৮.০০ ডিগ্ৰী চেলচিয়াছ । যি তাপমাত্ৰা ২০২০চনত কেতিয়াও হোৱা নাছিল ।

ৰাজ্যত মঙলবাৰে তাপমাত্ৰাই চুলে ৩৭.৪ ডিগ্ৰী চেলছিয়াছ

আনহাতে মঙলবাৰে দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰাই চুলে ৩৭.৪ ডিগ্ৰী চেলছিয়াছ । যাৰ ফলত সোমবাৰে আৰু মঙলবাৰে অতিমাত্ৰা গৰমে জলাকলা খুৱাইছে ৰাজ্যবাসীক । ইপিনে নিম্মবায়ুৰ চাপ সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৭ কিল'মিটাৰ ওপৰেৰে বৈ থকাৰ কাৰণে গৰমৰ মাত্ৰা অত্যাধিক হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি অহা ৫ আগষ্ট অৰ্থাৎ বুধবাৰেও গুৱাহাটী তথা সমগ্ৰ অসমতে তাপমাত্ৰা অধিক হৈ থাকিব । অৱশ্যে অসম-মেঘালয়ৰ কিছু-কিছু অঞ্চলত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণ অহাৰ সম্ভৱনা আছে । ৫ আৰু ৬ আগষ্টত অসমৰ কিছু-কিছু অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত ৰাইজে গৰমৰ পৰা কিছু সকাহ লাভ কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক কন্টইনমেন্ট জ’ন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.