ETV Bharat / state

Kidnaped girl rescued: ৰঙিয়াত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী - Kidnaper arrested in Rangia

শুকুৰবাৰে ৰঙিয়াৰ পৰা অপহৰণ কৰা ১৭ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীক উদ্ধাৰ । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত কান্দি থকা অৱস্থাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক । গ্ৰেপ্তাৰ কৰা হয় অপহৰণকাৰীক ।

Teenage girl rescued from kidnaper clutches
ৰঙিয়াত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী
author img

By

Published : Aug 12, 2023, 5:41 PM IST

ৰঙিয়াত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী

ৰঙিয়া,১২ আগষ্ট: ৰঙিয়াত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কিশোৰীক । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত কান্দি থকা অৱস্থাত উদ্ধাৰ ৰঙিয়াৰ উদিয়ানাৰ ১৭ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক । শুকুৰবাৰে বিয়লি বৰপেটা জিলাৰ মামণি দাস ওৰফে মামণি বেগমে উদিয়ানাৰ ঘৰৰ পৰা অপহৰণ কৰি লৈ গৈছিল দিব্যাংগ কিশোৰীগৰাকীক ।

তাৰ পিছতে অপহৰণকাৰী মামণিৰ সন্ধানত উঠি পৰি লাগিছিল ৰঙিয়া আৰক্ষী । আৰক্ষীৰ উমান পাই অপহৰণকাৰী মহিলাগৰাকীয়ে ৰঙিয়াৰ হাইৱে চকত কিশোৰীগৰাকীক এৰি পলায়ন কৰিছিল । আৰক্ষীয়ে নিশাৰ ভাগত বিভিন্ন ঠাইত অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ।

অৱশেষত বৰপেটাৰ পাটাচাৰকুছিৰ আনন্দপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী মামণিক । আৰক্ষীয়ে মামণিক গ্ৰেপ্তাৰ কৰাৰ মুহূৰ্তত মামণিৰ লগত আছিল মামণিৰ দুমহীয়া এটা সন্তানো । আৰক্ষীয়ে ইতিমধ্যে মামণিক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে এবছৰ পূৰ্বেও এই অপহৰণকাৰী মামনি দাসে এগৰাকী ৯ বছৰীয়া কিশোৰীক অপহৰণ কৰিছিল বুলি জানিবপৰা গৈছে । তাৰ পিছত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা দলে কিশোৰীগৰাকীক উদ্ধাৰ কৰিছিল ।

লগতে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল মামনি দাসক । তাৰ পিছত জেলৰ পৰা আহি পুনৰ অপহৰণকাণ্ডত জড়িত হৈছিল মামনি। অপহৰণৰ ৯ ঘন্টাৰ ভিতৰতে অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰি অপহৰণকাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাত ভূক্তভোগী পৰিয়ালটোৱে সন্তোষ প্ৰকাশ কৰি ৰঙিয়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, ৰঙিয়াত বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । বিভিন্ন প্ৰান্তত সংঘটিত হোৱা চুৰি-ডকাইতি আদি ঘটনাই আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Protests against eviction: ৰঙিয়াত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.