ETV Bharat / state

আৰক্ষীৰ ছত্ৰছায়াতে ৰাজ্যত চলিছে চুপাৰী চিণ্ডিকেট

কমলপুৰত চুপাৰী চিণ্ডিকেটে প্ৰমাণ কৰিছে আৰক্ষীৰ অকৰ্মণ্যতাক ৷

আৰক্ষীৰ প্ৰশ্ৰয়ত চলিছে ৰাজ্যত চিণ্ডিকেট ব্যৱস্থা!
author img

By

Published : May 8, 2019, 1:46 PM IST

কমলপুৰ, 8 মে' : আৰক্ষীৰ চকুত ধুলি মাৰি ৰাজ্যত অব্যাহত আছে চিণ্ডিকেট৷ চিণ্ডিকেটক প্ৰশ্ৰয় দিছে খোদ আৰক্ষীয়ে৷ কমলপুৰৰ চুপাৰী চিণ্ডিকেটে প্ৰমাণ দিছে আৰক্ষীৰ অকৰ্মণ্যতাক৷

আৰক্ষীৰ প্ৰশ্ৰয়ত চলিছে ৰাজ্যত চিণ্ডিকেট ব্যৱস্থা!

ঘটনাৰ বিৱৰণী অনুসৰি,বৈধ নথিপত্ৰ নথকা তিনিখনকৈ চুপাৰী ভৰ্তি ট্ৰাক মঙলবাৰে নিশা ধৰা পৰিছিল সাংবাদিকৰ কেমেৰাত৷ গোলাঘাটৰ পৰা মহাৰাষ্ট্ৰৰ নাগপুৰলৈ চুপাৰী সৰবৰাহ হৈছিল MH 15 FV 9959, BR 06 GA 1465 আৰু WB 29 A 9776 নম্বৰৰ ট্ৰাক তিনিখনৰ যোগেদি৷ সাংবাদিকে ট্ৰাককেইখনত থকা সামগ্ৰীৰ বিষয়ে জানিবলৈ বিচৰাত উৰ্ধতম বিষয়াৰ কথা কৈ সাংবাদিকক ভীতিগ্ৰস্ত কৰাৰ প্ৰয়াস চলায় ট্ৰাককেইজনৰ চালকে৷ সমস্ত ঘটনাৰ বিষয়ে ফোনযোগে সাংবাদিককেইজনে আৰক্ষীক অৱগত কৰিবলৈ বিচাৰে যদিও সাংবাদিকৰ কথা নুশুনি ফোন কাটি দিয়ে ৰঙিয়া মহকুমা আৰক্ষীয়ে৷ আৰক্ষীৰ এই স্থিতিয়ে স্পষ্টভাৱে ইংগিত দিছে চুপাৰী চিণ্ডিকেটত আৰক্ষী জড়িতকৰণৰ কথা৷

Intro:Bahata Supari Syndicat

V/O----কামৰুপৰ কমলপুৰত নিশা নথি পত্ৰ বিহিন তিনিখন চুপাৰি ট্ৰাক জব্দ কৰাৰ চেষ্টা নকৰিলে কামৰুপ অাৰক্ষীয়ে---উজনিৰ পৰা নামনিলে চুপাৰি চিণ্ডিকটত জড়িত ৰাজ্যৰ প্ৰভাৱশালী চক্ৰ- হয় বিজেপি নেতৃত্বাধীন মিত্ৰজোতে চৰকাৰ গঠন কৰাৰ পিছতে ৰাজ্যখনৰ পৰা চিণ্ডিকেটৰাজ উৎসাৎ কৰাৰ যি হুংকাৰ দিছিল,সেয়া সময় বাগৰাৰ লগে লগে ফুটুকাৰ ফেনত পৰিনত হৈছে। ৰাজ্যত চুপাৰিক লৈ প্ৰভাৱশালী চক্ৰই চিণ্ডিকেট অব্যাহত ৰাখিছে।ইয়াৰ প্ৰমান যোৱা নিশা কমলপুৰত পোৱা গল।যোৱা নিশা প্ৰয়োজনীয় নথি পত্ৰ নথকা তিনিখন চুপাৰি ভৰ্তি ট্ৰাক স্থাণীয় লোক তথা সাংবাদিকৰ এটি দলে অাবদ্ধ কৰি ৰাখে।কিন্তু পৰিতাপৰ কথা এই যে সাংবাদিকৰ দলটোৱে অাৰক্ষীৰ উৰ্ধতম কৰ্তৃক্ষপৰ লগতে স্থাণীয় কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোগাযোগ কৰিও কোনো ফল পোৱা নগল। সেয়ে একাংশ শীৰ্ষ অাৰক্ষী বিষয়াৰ সৈতে চুপাৰি মাফিয়াই গোপন বুজাবুজি কৰি চিণ্ডিকেট অৱ্যাহত ৰখাৰ সন্দেহ প্ৰকট হৈ পৰিছে । উল্লেখ্য যে কমলপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ধাৱাৰ সন্মুখত তিনিখন চুপাৰি ভৰ্তি ট্ৰাক ৰখি থকা অৱস্থাত সাংবাদিকৰ দলটোৱে চালকসকলক সোধা পোচা কৰাত অাচল তথ্য পোহৰলে অাহে । চালকসকলক সাংবাদিকে বৈধ নথি অাছেনে বুলি জানিব বিচৰাত হিন্দীভাষী চালককেইজনে কয় যে--"অভি হমেৰে পাচ মজুত নেহি হে,মালিক লোক উপৰৱালা কে চাথ বাত কৰ ৰহা হে পাৰ্টী ছে" এই বুলি কৈ সাংবাদিকক পতিয়ন নিয়াবলে চেষ্টা চলায় । ইয়াৰ পিছতে সাংবাদিকৰ দলটোৱে ৰঙিয়া মহকুমা অাৰক্ষী বিষয়া গৰাকীৰ সৈতে সাংবাদিকে যোগাযোগ কৰাত বিষয়টো এৰাই চলি স্থাণীয় কমলপুৰ অাৰক্ষীৰ সৈতে যোগাযোগৰ পৰামৰ্শ দিয়ে।ইয়াৰ পৰা বুজা যায় যে এই ব্যৱসায়ৰ সৈতে এক প্ৰভাৱশালী চক্ৰ জড়িত থকাৰ বাবে অাৰক্ষীয়ে এনেধৰনৰ গা এৰা মনোভাৱ প্ৰকাশ কৰিছে।ট্ৰাক চালকক সাধাৰন সোধ-পোচৰ সাহস নোহোৱা অসম অাৰক্ষীয়ে কেনেদৰে চিণ্ডিকেট নোহোৱা কৰিব সেয়াহে লক্ষণীয় বিষয়।
অানহাতে এম এইচ ১৫ এফ ভি ৯৯৫৯,বি অাৰ ০৬ জিএ ১৪৬৫ অাৰু ডব্লিউ বি ২৯ এ ৯৭৭৬ নম্বৰৰ ট্ৰাক কেইখন কেনেদৰে উজনিৰ গোলাঘাটৰ পৰা সুদুৰ নাগপুৰলে কঢ়িয়াই অানি থকাৰ পিছতো কোনোধৰনৰ বৈধ নথিপত্ৰ অবিহনে অাৰক্ষীৰ বাধা বিঘিনি নোহোৱাকৈ কমলপুৰ পাৱলে সক্ষম হৈছিল সেয়া অাচৰ্য্যকৰ বিষয়।
Body:.Conclusion:. Gautam deka
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.