ETV Bharat / state

ছয়গাঁৱত জব্দ সন্দেহযুক্ত টেংকাৰ - chaygaon

জব্দকৃত টেংকাৰখনত বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ সেই অনুসৰি বুধবাৰৰ পুৱা ৬ বজাৰ পৰা গাড়ীখনৰ অনুসন্ধানত নামি পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দল

ছয়গাঁৱত জব্দ সন্দেহযুক্ত টেংকাৰ
author img

By

Published : Aug 29, 2019, 3:37 PM IST

কামৰূপ, 29 আগষ্টঃ ছয়গাঁৱৰ খৰখৰীত জব্দ সন্দেহযুক্ত টেংকাৰ ৷ গাঞ্জা থকাৰ সন্দেহত টেংকাৰখন জব্দ কৰে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দলে ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰা টেংকাৰখনৰ নম্বৰ NL-01-AC-1527 ৷ উল্লেখ্য যে, জব্দকৃত টেংকাৰখনত বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ সেই অনুসৰি বুধবাৰৰ পুৱা ৬ বজাৰ পৰা গাড়ীখনৰ অনুসন্ধানত নামি পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দল ৷ অৱশেষত বৃহস্পতিবাৰে গোৱালপাৰা দিশৰ পৰা গুৱাহাটীৰ দিশে গৈ থকা অৱস্থাত ছয়গাঁৱৰ খৰখৰীত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ দলটোৱে স্থানীয় ছয়গাঁও আৰক্ষী থানা আৰু ৰাইজৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হয় ৷ দলটোৱে বুধবাৰৰ পৰাই টেংকাৰখন সন্ধানত নামি পৰাৰ লগতে বৃহস্পতিবাৰে টেংকাৰখনৰ পাচ লৈছিল ৷

ছয়গাঁৱত জব্দ সন্দেহযুক্ত টেংকাৰ

আনহাতে, টেংকাৰখনত চোৰাং গাঞ্জা থকা বুলি সন্দেহ কৰা হৈছে যদিও এই মূহুৰ্তলৈকে আচল তথ্য প্ৰকাশ কৰা নাই ৷ বৰ্তমান টেংকাৰখন ছয়গাঁও আৰক্ষী থানাত ৰাখি থোৱা হৈছে ৷ তাৰোপৰি টেংকাৰখনৰ চালক আৰু কৰ্মচাৰী নিমিষতে পলায়ন কৰে বুলি জানিবলৈ দিয়ে দলটোৱে ৷

Intro:বৃহস্পতিবাৰে এক গোপন সুত্ৰৰ পম খেদি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দলে ছয়গাঁৱৰ খৰখৰীত এখন সন্দেহযুক্ত টেংকাৰ জব্দ কৰে ৷ টেংকাৰখনত বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি সন্দেহ কৰা হৈছে ৷Body:ছয়গাঁও ২৯ আগষ্ট : ছয়গাঁৱৰ খৰখৰীত বৃহস্পতিবাৰে এখন টেংকাৰ জব্দ কৰা হয় ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰা NL 01 AC 1527 নম্বৰৰ টেংকাৰখন ৰাইজৰ সহযোগত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই জব্দ কৰে ৷জানিবপৰামতে উক্ত টেংকাৰখনত বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি গোপন সুত্ৰৰ পৰা খবৰ লাভ কৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ সেইমতে বুধবাৰৰ পুৱা ৬ বজাৰ পৰা গাড়ীখনৰ অনুসন্ধানত নামি পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দলে ৷ অৱশেষত বৃহস্পতিবাৰে গোৱালপাৰা দিশৰ পৰা গুৱাহাটীৰ দিশে গৈ থকা অৱস্থাত ছয়গাঁৱৰ খৰখৰীত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ দলটোৱে স্থানীয় ছয়গাঁও আৰক্ষী থানা আৰু ৰাইজৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হয় ৷ দলটোৱে বুধবাৰৰ পৰাই টেংকাৰখন সন্ধানত নামি পৰাৰ লগতে বৃহস্পতিবাৰে টেংকাৰখনৰ সন্ধান পাই পিচ লৈছিল ৷ আৰু অৱশেষত দলটোৱে খেদি খেদি টেংকাৰখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে উক্ত টেংকাৰখনত চোৰাং গাঞ্জা থকা বুলি সন্দেহ কৰা হৈছে যদিও এই মূহুৰ্তলৈকে আচল তথ্য প্ৰকাশ কৰা হোৱা নাই ৷ বৰ্তমান টেংকাৰখন ছয়গাঁও আৰক্ষী থানাত ৰাখি থোৱা হৈছে ৷আনহাতে টেংকাৰখনৰ চালক আৰু কৰ্মচাৰী নিমিষতে পলায়ন কৰে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.