ETV Bharat / state

Rangia suspected suicide : চীপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ

author img

By

Published : Nov 29, 2021, 4:38 PM IST

ৰঙিয়াত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ(Suspected suicide case at Rangia) ৷ মৃত্য়ুৰ পূৰ্বে বোৱাৰীগৰাকীক শহুৰেকৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মাতৃগৃূহৰ পৰিয়ালে ৷ প্ৰকৃততে কেনেকৈ মৃত্যু হ’ল বোৱাৰী গৰাকীৰ ? তাক লৈ উঠিছে প্ৰশ্ন ৷

Suicide case at Rangia
Suspected suicide case : ৰঙিয়াত চীপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ

ৰঙিয়া, 28 নৱেম্বৰ : প্ৰায় ডেৰবছৰ পূৰ্বে ৰিদীপ কলিতা নামৰ লোকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ধৰিত্ৰী ডেকা(21) ৷ কিন্তু বিয়াৰ ডেৰ বছৰৰ পাচত স্বামীগৃহত ওলমি ৰ’ল ধৰিত্ৰীৰ নিথৰ দেহ(Suspected suicide at Rangia) ৷ জন্মৰ মাত্ৰ চাৰি মাহতে মাতৃহাৰা হ’ল ৰিদীপ-ধৰিত্ৰীৰ কন্যা সন্তানটি ৷

ধৰিত্ৰীৰ মৃত্যু প্ৰকৃততে আত্মহত্যা, নে এয়া এক হত্যাকাণ্ড তাকলৈও স্থানীয় ৰাইজৰ মাজত সন্দিহানৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে, মহিলাগৰাকীক স্বামীৰ লগতে শাহুৱেকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল বিয়াৰ পিচৰ পৰা ৷ পৰিশেষত মৃত্যুৰ শীতল কোলাত শুই পৰিল কমলপুৰ বৰুৱাজানীৰ জীয়ৰী তথা ৰঙিয়া তিনিআলীৰ বোৱাৰী ধৰিত্ৰী ৷

ৰঙিয়াত চীপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা স্বামী ৰিদীপ কলিতা আৰু তেওঁৰ পৰিয়ালৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল পত্নী ধৰিত্ৰীৰ ৷ ইয়াৰ পাচতে ধৰিত্ৰীৰ শাহুৱেকে ধৰিত্ৰীৰ মাতৃৰ পৰিয়ালবৰ্গৰ সৈতে ফোনত কথা পাতে ৷ এই বাৰ্তালাপৰ সময়চোৱাত ধৰিত্ৰীৰ শাহুৱেকে নানা বাক্যৰে গালি-গালাজ দি ধৰিত্ৰীক মাৰি পেলোৱাৰ ধমকি দিয়া বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পাচতে নিজ কোঠাত চীপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হয় ধৰিত্ৰীৰ মৃতদেহ (Dead body recovered while hanging) ৷ ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ অন্তত ধৰিত্ৰীয়ে আত্মহত্যা কৰা বুলি ধৰিত্ৰীৰ শহুৰৰ পৰিয়ালে ধৰিত্ৰীৰ মাতৃগৃহত খবৰ দিয়ে ৷ ইফালে খবৰ লাভ কৰি ধৰিত্ৰীৰ মাতৃগৃহৰ পৰিয়ালে ৰঙিয়া আৰক্ষীৰ কাষ চাপে আৰু ধৰিত্ৰীৰ শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (FIR against husband family)৷

শহুৰেকৰ পৰিয়ালে ধৰিত্ৰীক নিৰ্যাতন চলাই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে মাতৃগৃহৰ পৰিয়ালে(Suspected suicide case at Rangia) ৷ লগতে স্বামীসহ স্বামীৰ পৰিয়ালৰ সদস্যসকলক উচিত শাস্তিৰ দাবী জনাইছে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰঙিয়া আৰক্ষীয়ে ৷

ধৰিত্ৰীৰ মৃত্যু এক আত্মহত্যা নে হত্যাকাণ্ড, সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষীৰ প্ৰাথমিক তদন্ততহে ওলাই পৰিব ইয়াৰ প্ৰকৃত ৰহস্য ৷ ইফালে, ভৱিষ্যতে যাতে পুনৰ এনে অনুৰূপ ঘটনা সংঘটিত নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক : Diego Maradona: ২১ বছৰ আগৰ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত মাৰাডনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.