ৰঙিয়া, 24 মে': কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে ৰঙিয়াৰ মছজিদ কমিটীৰ বিশেষ সিদ্ধান্ত ৷ ঈদৰ দিনা ঈদগাহ ময়দানত নামাজ পঢ়াৰ পৰা বিৰত থকাৰ লগতে ঈদগাহ ময়দানৰ গেট বন্ধ কৰি থোৱাৰ সিদ্ধান্ত লৈছে ৰঙিয়াৰ মছজিদ কমিটীসমূহে । আনবাৰৰ দৰে ৰাজহুৱাভাৱে আনন্দ স্ফুৰ্তিৰ পৰিবৰ্তে সকলোৱে ঘৰে ঘৰে পালন কৰিব পৱিত্ৰ ঈদ উল্ ফিটৰ ।
ইয়াৰ লগতে এইবাৰ ঈদত ঘৰতে থাকি দূৰত্ব বজাই ৰাখি সকলোকে নিজৰ নিজৰ পৰিয়ালৰ সৈতে ঈদৰ নমাজ আদায় কৰিব আহ্বান জনায় ৰঙিয়াৰ জোনাব আক্ৰাম হুছেইনে ৷ আনহাতে লক ডাউনে প্ৰভাৱ পেলোৱাৰ বাবে এই বাৰ ঈদত লাৰু, পিঠা, কেক, নিমকি, খুৰমা আদি ঘৰতে প্ৰস্তুত কৰি নিজৰ পৰিয়ালৰ মাজতে উদযাপন কৰিব বুলি জনালে এগৰাকী স্থানীয় মহিলাই ৷
লগতে পঢ়কঃ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ বাবে শিৱসাগৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল