ETV Bharat / state

মহানগৰীত জোঁৱায়েকৰ কামনাৰ বলি হ'ল শাহুৱেক - শাহুৱেকক বলাৎকাৰ

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত এক জঘন্য ধৰ্ষণৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শাহুৱেকক ধৰ্ষণ কৰিলে জোঁৱায়েকে ৷ অভিযুক্তৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু ৷

son-in-law-under-police-custody-as-accused-of-own-mother-in-laws-rape
মহানগৰীত জোঁৱায়েকৰ কামনাৰ বলি হ'ল শাহুৱেক
author img

By

Published : Jul 11, 2021, 6:03 PM IST

গুৱাহাটী, 11 জুলাই : ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ৷ বিশেষকৈ এই সময়ছোৱাত লক্ষণীয় হাৰত বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যত কেইবাটাও ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ মাজতে মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে আন জঘন্য ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লম্পট জোঁৱায়েকে ধর্ষণ কৰিলে শাহুৱেকক ৷

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত জোঁৱায়েকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে লম্পট জোঁৱায়েকে শনিবাৰে নুনমাটিস্থিত শাহুৱেকৰ ঘৰলৈ গৈছিল ৷ সেইসময়ত ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট জোঁৱায়েকে শাহুৱেকক হাত ভৰি বান্ধি ধৰ্ষণ কৰে ৷ ঘটনা সন্দর্ভত 42 বছৰীয়া মহিলাগৰাকীয়ে পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 378 ধাৰাৰ অধীনত 158/21 নম্বৰত এটা গোচৰ ৰুজু কৰে ৷

উল্লেখ্য যে, শাহুৱেকক ধৰ্ষণ কৰাৰ পাছৰে পৰা আত্মগোপণ কৰি থকা অভিযুক্ত জোঁৱায়েকক দেওবাৰে আৰক্ষীয়ে ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ভঙাগড়ৰৰ এজন আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল ধর্ষণৰ অভিযুক্ত লম্পটটোৱে ৷ আৰক্ষীৰ জেৰাত শাহুৱেকক ধর্ষণ কৰা বুলি স্বীকাৰোক্তি দিছে ধৃত লোকজনে ৷

উল্লেখ্য যে, অভিযুক্ত লোকজনৰ এটি দুবছৰীয়া সন্তানো আছে ৷ এই জঘন্য ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ৷ ধৰ্ষণকাৰীটোক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে একাংশ সচেতন লোকে ৷ লগতে এনেধৰণৰ জঘন্য অপৰাধী বোৰক দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰাৰ বাবেই একাংশ অপৰাধীয়ে অপৰাধ সংঘটিত কৰিবলৈ ভয় নকৰে বুলি মন্তব্য কৰিছে সচেতন ৰাইজে ৷

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) শাসনলৈ অহাৰ পাছতে ধৰ্ষণকাৰী সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ শেহতীয়াকৈ আৰক্ষীৰ গুলীত আহত হৈছে এজন ধৰ্ষণকাৰী ৷

লগতে পঢ়কঃ উপ নিৰ্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.