ETV Bharat / state

পথ নিৰ্মাণক লৈ অসম-মেঘালয় সীমান্তত উত্তেজনা - অসম

অসম চৰকাৰৰ পথ নিৰ্মাণ কাৰ্যত মেঘালয়ৰ নাগৰিকৰ বাধা । দীৰ্ঘদিনৰ পৰাই পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত সীমা বিবাদক লৈ চলি আহিছে উত্তেজনা ৷

অসম-মেঘালয় সীমান্তত উত্তেজনা
author img

By

Published : May 11, 2019, 6:02 PM IST

কামৰূপ, 11 মে' : কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত সীমাক লৈ পুনৰ উত্তেজনা ৷ অসম চৰকাৰৰ পথ নিৰ্মাণত মেঘালয়ৰ নাগৰিকে বাধা প্ৰদানক লৈ সৃষ্টি হয় এই পৰিস্থিতি ৷ শেহতীয়াকৈ অসমৰ মাটিত নিৰ্মাণ হৈ থকা এটি পথৰ বাবে ব্যৱহাৰ হোৱা শিল-বালি আধা অংশ মেঘালয়ৰ এটি পথেৰে সৰবৰাহ কৰিব লগা হোৱাত ঠিকাদাৰৰ যান-বাহনৰ পৰা মেঘালয়ৰ নাগৰিকে বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বলপূৰ্বক ধন সংগ্ৰহক লৈ ক্ষুব্ধ হৈ পৰা অসমৰ বাসিন্দাসকলে মাইকেল ৱাজীৰী নামৰ মেঘালয়ৰ এজন ব্যক্তিৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ লগতে লণ্ডভণ্ড কৰে মাইকেলৰ ঘৰ ৷ উত্তেজনা অধিক বৃদ্ধি পোৱাত মাইকেল নামৰ লোকজনে অসমৰ বহু কেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।

অসম-মেঘালয় সীমান্তত উত্তেজনা

ইপিনে ঘটনা সন্দৰ্ভত শনিবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতি অসম মেঘালয়ৰ সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । অসমৰ মাটিত পথ নিৰ্মাণক লৈ মাইকেল নামৰ ব্যক্তিজনৰ কোনো আপত্তি নাই বুলিও লিখিতভাৱে বিধায়কগৰাকীক জনাইছিল বুলি অৱগত কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । তাৰ পিছতো ব্যক্তিজনৰ এনে কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে আৰু অসম মেঘালয় সীমান্তৱৰ্তী সমূহ ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনায় ।

উল্লেখ্য যে, মাইকেল ৱাজীৰী নামৰ মেঘালয়ৰ ৭৮ বছৰীয়া লোকগৰাকীয়ে বিভিন্ন সময়ত অসমৰ বাসিন্দা সকলক নানা ধৰণৰ ভয়-ভাবুকি দি অহাৰ লগতে মেঘালয় সীমান্তৱৰ্তী অসমত যিকোনো উন্নয়নমূলক কাম কৰিলেই ধন দাবী কৰাৰ লগতে পথচাৰীৰ পৰাও দাবী ধমকিৰে ধন সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ আছে লোকজনৰ বিৰুদ্ধে ৷

Slug:-As_kam_11may_Assam-meghalaya_hungama_801-802_vis+bite+photo_as10020

অসম মেঘালয় সীমান্তত পথ নিৰ্মাণক লৈ উত্তেজনা ।

Vo...পথ নিৰ্মাণক লৈ অসম মেঘালয় সীমান্তত উত্তেজনা । অসম চৰকাৰৰ পথ নিৰ্মাণত মেঘালয়ৰ নাগৰিকৰ বাধা । কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত আজি দীৰ্ঘ দিনৰ পৰাই সীমা বিবাদক লৈ চলি আহিছে উত্তেজনা । শেহতীয়া ভাবে অসমৰ এটি পথ নিৰ্মানকলৈ বৃদ্ধি পাইছে অধিক উত্তেজনা । এই উত্তেজনাৰ মূল খলনায়ক হৈছে মাইকেল ৱাজীৰী নামৰ এজন মেঘালয়ৰ বিশেষ ব্যক্তি । ৭৮বছৰীয়া এই বিশেষ ব্যক্তি জনে বিভিন্ন সময়ত অসমৰ বাসিন্দা সকলক নানা ধৰণৰ ভয় ভাবুকি দি আহিছিল । মেঘালয় সীমান্তৱৰ্তী অসমত যিকোনো উন্নয়ন কাম কৰিলেই মাইকেল ৱাজীৰী নামৰ লোকজনে ধন দাবী কৰাৰ লগতে আনকি পথচাৰী সকলোৰে পৰা দাবী ধমকি দি টকা ও সংগ্ৰহ কৰি আহিছিল ।

Bite1&2..গাঁওৰ ব্যক্তি 

শেহতীয়া ভাবে অসমৰ মাটিত এটি পথ নিৰ্মান হৈ আছে । এই পথটিত ব্যৱহাৰ হোৱা শিল বালি অন্য এটি পথেৰে নিবলগা হৈছে । আৰু এই পথটিৰ আধা অংশ মেঘালয়ৰ অন্তৰ্ভুক্ত হোৱা বাবে মাইকেল ৱাজীৰী নামৰ ব্যক্তি জনে পথ নিৰ্মান কৰি থকা ঠিকাদাৰ যান বাহন আদিৰ পৰা বলপূৰ্বক টকা সংঘৰ কৰাকলৈ অসমৰ বাসিন্দা সকলে ক্ষুব্ধ হৈ মাইকেল আৰু অসমৰ নাগৰিকৰ মাজত তৰ্কযুদ্ধ লিপ্ত হয় । আৰু মাইকেলৰ ঘৰ লণ্ডভণ্ড কৰে । ইয়াকে লৈ সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয় । উত্তেজনা ইমান বৃদ্ধি হয় যে মাইকেল নামৰ ব্যক্তি জনে অসমৰ বহু কেইজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । ঘটনা সন্দৰ্ভত আজি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্নাই অসম মেঘালয়ৰ সীমান্তৱৰ্তী ভালাখোৱা গাওঁত উপস্থিত হৈ পৰিস্থিতি সন্দৰ্ভৱ বুজ লয় । অসমৰ মাটিত পথ নিৰ্মাণক লৈ মাইকেল নামৰ ব্যক্তি জনৰ কোনো আপত্তি নাই বুলি লিখিত ভাবে জনাইছিল বুলি বিধায়ক গৰাকীক অৱগত কৰায় । তাৰ পিছতো এই ব্যক্তি জনৰ এনে কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে । আৰু অসম মেঘালয় সীমান্তৱৰ্তী সমূহ ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনায় ।

Bite3:-ৰামেন্দ্ৰ নাৰায়ণ কলিতা(বিধায়ক) ।
Bite4..চক্ৰ বিষয়া পলাশবাৰী ।

ইতিমধ্যেই ঘটনাৰ খলনায়ক মাইকেল ৱাজীৰী পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজটোলৈকে প্ৰেৰণ কৰিছে । আনহাতে ৱাজীৰী এজাহাৰৰ ভিত্তিত মেঘালয় আৰক্ষী ও অসমৰ তিনি জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.