ETV Bharat / state

মহাদেৱৰ চৰণত আশীষ ল'লে বিধায়িকা সুমন হৰিপ্ৰিয়াই

শিৱৰাত্ৰী উপলক্ষে ভোলানাথক পূজা-অৰ্চনাৰ বাবে প্ৰান্তে প্ৰান্তে আৰাধনাত ব্যস্ত হৈ পৰিল প্ৰতিগৰাকী ধৰ্মপ্ৰাণ লোক ৷ আমিনগাঁৱত শিৱৰাত্ৰী উপলক্ষে শিৱ বন্দনাত ব্যস্ত হৈ পৰে বিধায়িকা সুমন হৰিপ্ৰিয়া ৷ দলীয় সতীৰ্থৰে মিলিত হৈ সুমনে প্ৰাণ ভৰি গালে মহাদেৱৰ বন্দনা ।

Shiv puja celebrated by MLA Suman Haripriya
শিৱ বন্দনাত ব্যস্ত বিধায়িকা সুমন
author img

By

Published : Feb 21, 2020, 3:00 PM IST

আমিনগাঁও,21 ফেব্ৰুৱাৰীঃ মহাদেৱৰ আশীষ লাভৰ বাবে শুকুৰবাৰৰ দিনটোত মন্দিৰ-দেৱালয়সমূহত ভক্তৰ ভিৰ দেখা যায় । শিৱৰাত্ৰী উপলক্ষে ভোলানাথক পূজা-অৰ্চনাৰ বাবে প্ৰান্তে প্ৰান্তে আৰাধনাত ব্যস্ত হৈ পৰিল প্ৰতিগৰাকী ধৰ্মপ্ৰাণ লোক ৷

ৰাইজৰ মংগত কামনা বিধায়িকাৰ

সৰ্বসাধাৰণৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জগতৰ সকলোৱে ব্যস্ত হোৱা দেখা গ’ল শিৱৰাত্ৰীৰ দিনটোত ৷ কামৰূপ জিলাৰ আমিনগাঁৱত শিৱৰাত্ৰী উপলক্ষে শিৱ বন্দনাত ব্যস্ত হৈ পৰে বিধায়িকা সুমন হৰিপ্ৰিয়া ৷ মহাদেৱৰ প্ৰশস্তি গীতৰ বন্দনাৰে ভগৱান শিৱক আৰাধনা কৰে হাজোৰ বিধায়িকা সুমনে । দলীয় সতীৰ্থৰে মিলিত হৈ সুমনে প্ৰাণ ভৰি গালে মহাদেৱৰ বন্দনা । লগতে শিৱপূজাৰ প্ৰসাদ সন্দৰ্ভতো বিধায়িকা গৰাকীয়ে ৰসিকতাসূচক মন্তব্য আগবঢ়ায় ৷

শিৱ বন্দনাত ব্যস্ত বিধায়িকা সুমন

লগতে চাওকঃঐতিহাসিক নেঘেৰিটিং শিৱ মন্দিৰত শিৱৰাত্ৰিৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.