ETV Bharat / state

উত্তৰ গুৱাহাটী ফেৰী ঘাটৰ ধৰ্ষণকাণ্ডৰ তিনি অভিযুক্তক আটক - উত্তৰ গুৱাহাটী ফেৰী ঘাট ধৰ্ষণকাণ্ড

শুকুৰবাৰে উত্তৰ গুৱাহাটীৰ ফেৰিঘাটৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী৷ নদীত গা ধুবলৈ অহা এজন ব্যক্তিৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কিশোৰীগৰাকী ৷

তিনি অভিযুক্তক আটক
তিনি অভিযুক্তক আটক
author img

By

Published : Mar 22, 2020, 6:25 AM IST

গুৱাহাটী , 22 মাৰ্চঃ উত্তৰ গুৱাহাটী মধ্যমখণ্ড ফেৰী ঘাটৰ কাষত শুকুৰবাৰে সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ তিনি অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷ শনিবাৰে গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আৰক্ষীয়ে আটক কৰা যুৱক কেইজন ক্ৰমে নিকু আলি, হাইদৰ আলি আৰু বিপুল কলিতা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, শুকুৰবাৰে উত্তৰ গুৱাহাটীৰ ফেৰিঘাটৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী৷ নদীত গা ধুবলৈ অহা এজন ব্যক্তিৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কিশোৰীগৰাকী ৷ কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, বৃহস্পতিবাৰে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা ফেৰীৰে লৈ অনা হৈছিল কিশোৰীগৰাকীক আৰু নিৰ্জনতাৰ সুযোগ লৈ কিশোৰীগৰাকীৰ ওপৰত চলোৱা হৈছিল পাশৱিক অত্যাচাৰ ।

লগতে পঢ়কঃ উত্তৰ গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি এগৰাকী কিশোৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.