ETV Bharat / state

কৰ’ণাৰ বাবে ম্লান পৰিছে মৃৎ শিল্পীৰ উচাহ

ক’ৰণা মহামাৰীৰ বাবে এইবাৰ বহু বিদ্যালয়, মহাবিদ্যালয়সমূহে সৰস্বতী পূজা অনুষ্টুপীয়াকৈ পালন কৰিব ৷ যাৰ বাবে মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা মূৰ্তিসমূহৰ চাহিদা কম হোৱা দেখা গৈছে ৷

ক’ৰণাৰ বাবে ম্লান পৰিছে সৰস্বতী মূৰ্তি তৈয়াৰ কৰা মৃত শিল্পীৰ উল্লাস

author img

By

Published : Feb 16, 2021, 7:43 AM IST

বকো,16 ফেব্ৰুৱাৰীঃ আজি ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়সমূহত উদযাপন কৰা হ’ব সৰস্বতী পূজা ৷ সৰস্বতী পূজাৰ বাবে বিদ্যালয়, মহাবিদ্যালয়সমূহত চলিছে পূৰ্ণ প্ৰস্তুতি । কিন্তু কৰ’ণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ পূজা ভাগ সম্পন্ন কৰিব অধিকাংশ শিক্ষানুষ্ঠানে ৷ সেয়ে পূজা বুলি পূৰ্বৰ দৰে উচাহ পৰিলক্ষিত নহ’ল মৃৎ শিল্পীসকলৰ মাজত ৷ লক ডাউনে কোঙা কৰা এইসকল শিল্পীৰ অথনৈতিক অৱস্থা বৰ্তমান সুস্থিৰ নহয় । ক’ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বক স্তব্ধ কৰি তোলাৰ লগতে এই মৃৎ শিল্পীসকলৰ অৱস্থা সম্প্ৰতি বেয়ালৈ গতি কৰিছে ।

ক’ৰণাৰ বাবে ম্লান পৰিছে সৰস্বতী মূৰ্তি তৈয়াৰ কৰা মৃত শিল্পীৰ উল্লাস

লগতে পঢ়কঃ স্ব-নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন 'নৰ্থ ইষ্ট কুইন'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.