ৰঙিয়া, 14 ছেপ্তেম্বৰ : ৰঙিয়াৰ হৰিয়ানদাবত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ । গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। পথ নিৰ্মাণৰ পিছতে চকলা-চকলে খহিবলৈ আৰম্ভ কৰিছে পথ । প্ৰথমে পুৰণা ৰাস্তাটো খান্দি লৈ চাফা কৰাৰ পিছত হে মেৰামতি কৰা যায় যদিও উক্ত পথটো মাটিৰ ওপৰতে শিল,বালি ব্যৱহাৰ নকৰাকৈ নিশাৰ ভিতৰতে পথ মেৰামতিৰ কাম কৰা হৈছে । অতি নিম্নমানৰ কামেৰে নিৰ্মাণৰ কাম কৰা বাবে এনেদৰে পথটোৰ ব্লেকটেপিং উঠি যাবলৈ ধৰা বুলি স্থানীয় ৰাইজৰ অভিযোগ ।
পথ নিৰ্মাণৰ নামত হোৱা এনে দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিছে স্থানীয় ৰাইজ লগতে বন্ধ কৰি দিছে পথ মেৰামতিৰ কাম । গড়কাপ্তানী বিভাগৰ কৰ্মচাৰীকো খেদি পঠিয়াইছে। কিন্তু ঠিকাদাৰৰ কৰ্মচাৰীয়ে প্ৰতিবাদকাৰী ৰাইজক প্ৰদান কৰিছে ভাবুকি । উল্লেখ্য যে,পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি খহি গৈ দ খাৱৈত পৰিণত হৈছিল । পথ মেৰামতিৰ বাবে আন্দোলন, প্ৰতিবাদ কৰাৰ অন্ততঃ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ অৱশেষত সমাধান হ'ল ঠিকেই। কিন্তু পথ নিৰ্মাণৰ পিছতে ব্লক ফেভাৰ আৰু পকী পথৰ মাজৰ অংশত বৃহৎ বৃহৎ ফাঁট মেলিছে । পথটো নিৰ্মাণৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি তদন্ত বিচাৰিছে ৰাইজে । লগতে আঁচনি অনুসৰি সঠিকভাৱে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক : বিটিচিৰ নিৰ্বাচন পিছুওৱাৰ সম্ভাৱনা : ৰাজ্যপাল