ৰঙিয়া, 7 এপ্ৰিল : ৰঙিয়াত মঙলবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় নিৰ্বাচনৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীৰ বাহন ৷ প্ৰাপ্ত তথ্য অনুসৰি, বাক্সাৰ তামুলপুৰৰ পৰা নিৰ্বাচনৰ দায়িত্ব সম্পন্ন কৰি উভতি যোৱা অৱস্থাত ৰঙিয়া তিনিআলিত AS-01-HC-6324 নম্বৰৰ সুৰক্ষা কৰ্মীৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে খুন্দা মাৰে এটি বিদ্যুতৰ খুঁটাত ৷
ইয়াৰ পাচতে বাছখনে এডাল গছত খুন্দিয়াই সমীপৰ আছুৰ শ্বহীদ বেদী প্ৰাংগণৰ পকি বেৰত খুন্দিয়াই বেৰ ভাঙি পেলায় । লগে লগে বাছখন পুখুৰীত বাগৰি পৰে । দুৰ্ঘটনাটোত কোনোমতে প্ৰাণ ৰক্ষা পৰে বহু কেইগৰাকী পথচাৰীৰ ।
এই দুৰ্ঘটনাত বাছখনত থকা এগৰাকী আৰপিএছএফ জোৱান গুৰুতৰভাৱে আহত বিপৰীতে আন বহু কেইগৰাকী জোৱান কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় । গুৰুতৰভাৱে আহত আৰপিএছএফ জোৱান গৰাকীক ৰঙিয়াৰ ৰে’লৱে পলিক্লিনিক হাস্পতলত ভৰ্তি কৰোৱা হয় ।
উল্লেখ্য যে, জোৱান কেইগৰাকী পশ্চিম বংগৰ নিৰ্বাচনৰ দায়িত্বৰ বাবে বুধবাৰে ৰাওনা হোৱাৰ বাবে ৰঙিয়ালৈ গৈ আছিল । ইফালে শ্বহীদ বেদী প্ৰাংগণৰ ভাঙি যোৱা পকিবেৰৰ ক্ষতিপূৰণ বিচাৰি বাছখনৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আছুৱে ।
লগতে পঢ়ক : দিৰৈ নৈত সলিল সমাধি তিনি কিশোৰৰ