ETV Bharat / state

20 ফুুট তলত বাগৰিল বাহনঃ চাৰিজনৰ অৱস্থা সংকটজনক

বৃহস্পতিবাৰে বকোৰ ৰাজাপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত 40 জন যাত্ৰী আঘাটপ্ৰাপ্ত হয় যদিও গুৰুতৰভাৱে আহত হয় 4 গৰাকী যাত্ৰী ৷ দুখন মহিন্দ্ৰা পিকআপভানৰ মাজত সংঘৰ্ষ হোবাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনা ৷

বকো
বকোত পথ দুৰ্ঘটনা, 20 ফুুট তলত বাগৰিল বাহন
author img

By

Published : Mar 5, 2020, 9:38 PM IST

বকো, 5 মাৰ্চঃ বকোৰ জোঙাখুলি ৰাজাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । পুৰুষ-মহিলা শিশু সহ প্ৰায় ৪০ জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও 4 জন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি মন্তব্য কৰে প্ৰত্যক্ষদৰ্শীয়ে । দুখন মহিন্দ্ৰা পিকআপভানৰ মাজত সংঘৰ্ষ হোবাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনা ৷ প্ৰায় ২০ ফুট তলত এখন বাহন বাগৰি পৰাৰ উপৰিও আন এখন বাহন বাগৰে পথৰ ওপৰত ।

উল্লেখ্য যে, বকোৰ টালিমাৰাত দৰা থৈ গোৱালপাৰাৰ ৰংজুলিলৈ উভতি অহা সময়তে AS-19-AC-1915 আৰু AS-25-GC-9218 নম্বৰৰ বাহন দুখনৰ মাজত সংঘষৰ সৃষ্টি হয় ৷

বকোত পথ দুৰ্ঘটনা, 20 ফুুট তলত বাগৰিল বাহন

আনহাতে, ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত সকলক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকলৰ দুজন ৰফুলা আৰেং আৰু টেক্সটাৰ আৰেং বুলি জানিবলৈ দিয়ে বকো আৰক্ষীয়ে । একাংশ আঘাতপ্ৰাপ্তক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক কেইজনক GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে ।

আৰু পঢ়কঃ ব্যক্তিগতকৰণৰ দিশে ভাৰতীয় ৰে'ল বিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.