বকো,2 জানুৱাৰী : বকোৰ কেন্দুগুৰীত পহিলা জানুৱাৰীৰ দিনাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী এখন নৈশ বাছ (AS-01-FC-1540)ৰ সৈতে এখন স্কুটী (AS-25N-7248)ৰ মুখামুখি সংঘৰ্ষ হয় ৷
দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী ৷ মৃত স্কুটী আৰোহীজন বকো মূগাখোল গাঁৱৰ ভক্তি বড়ো (30) বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু নৈশ বাছখন আৰক্ষী জিম্মালৈ লৈ যায় ।
উক্ত ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে শোকৰ ছাঁ । স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, নৈশ বাছখনে ভুল দিশেৰে আহি স্কুটি আৰোহীক খুন্দা মাৰে ৷
লগতে পঢ়ক : আমগুৰিত শাৰিৰীক অনুশীলনত ব্যস্ত এদল যুৱক-যুৱতী