ৰঙিয়া, 22 নৱেম্বৰঃ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ চাৰি বছৰ পিছতো মুকলি নহ’ল স্বাস্থ্য কেন্দ্ৰ ৷ ৰঙিয়াৰ দ্বাৰকুছি উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ চাৰিটা বছৰ উকলি যোৱাৰ পিছতো মুকলি নোহোৱাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ ৷ ইয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আছে ৷
উল্লেখ্য যে 2015 চনতে প্ৰায় 12 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উপ-স্বাস্থ্য কেন্দ্ৰটো এতিয়ালৈ মুকলি নোহোৱাত ক্ৰমাৎ জহি-খহি যাবলৈ ধৰিছে ৷ ইয়াকে লৈ বিভাগীয় কৰ্তৃপক্ষপৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷