ৰঙিয়া,20 আগষ্টঃ ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা | নলবাৰী অভিমুখী AS-01DY-0515 নম্বৰৰ কুইড বাহন এখনে আল্ট্ৰা বাছক খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনাটো | দুৰ্ঘটনাটোত কুইড বাহনত থকা এটি পৰিয়ালৰ তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত কেইজন হৈছে গুৱাহাটীৰ নয়নমণি দাস কলিতা,সীমান্ত কলিতা আৰু তেওঁলোকৰ পুত্ৰ দ্ৰোণ কলিতা। স্থানীয় লোকৰ সহযোগত আটাইকেইজনকে সংকটজনক অৱস্থাত GNRC হস্পিতাললৈ প্ৰেৰণ কৰা হয়| বৰপেটা অভিমুখী AS-15C-7989 নম্বৰৰ আল্ট্ৰা বাছখনে পথত ৰৈ থকা যাত্ৰীক উঠাবলৈ হঠাৎ পথৰ মাজতে ৰখাই দিয়াত দুৰ্ঘটনাটো সংঘটিত হবলৈ পায় ৷ বাছ চালকৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিব দিয়ে ৷
ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা - ৰঙিয়া
ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা | দুৰ্ঘটনাটোত কুইড বাহনত থকা এটি পৰিয়ালৰ তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হয় ।
ৰঙিয়া,20 আগষ্টঃ ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা | নলবাৰী অভিমুখী AS-01DY-0515 নম্বৰৰ কুইড বাহন এখনে আল্ট্ৰা বাছক খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনাটো | দুৰ্ঘটনাটোত কুইড বাহনত থকা এটি পৰিয়ালৰ তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত কেইজন হৈছে গুৱাহাটীৰ নয়নমণি দাস কলিতা,সীমান্ত কলিতা আৰু তেওঁলোকৰ পুত্ৰ দ্ৰোণ কলিতা। স্থানীয় লোকৰ সহযোগত আটাইকেইজনকে সংকটজনক অৱস্থাত GNRC হস্পিতাললৈ প্ৰেৰণ কৰা হয়| বৰপেটা অভিমুখী AS-15C-7989 নম্বৰৰ আল্ট্ৰা বাছখনে পথত ৰৈ থকা যাত্ৰীক উঠাবলৈ হঠাৎ পথৰ মাজতে ৰখাই দিয়াত দুৰ্ঘটনাটো সংঘটিত হবলৈ পায় ৷ বাছ চালকৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিব দিয়ে ৷
Conclusion:বন্দনা শৰ্মা, ৰঙিয়া