ৰঙিয়া, 8 ফেব্ৰুৱাৰী : ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডত এগৰাকী মহিলাই জোৱায়েকৰ নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । জীয়ৰীৰ খবৰ ল'বলৈ যোৱা শাহুৱেকক উপৰ্যুপৰি জোৱায়েকে প্ৰহাৰ কৰাৰ অভিযোগ পোহৰলৈ আহিছে । জোৱায়েকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ৰঙিয়া এন টি ৰোডৰ অঞ্জুৱাৰা বেগম নামৰ মহিলাগৰাকী ।
জানিব পৰা মতে,জীয়ৰীৰ খবৰ ল'বলৈ জোৱায়েকৰ ঘৰলৈ গৈছিল মহিলাগৰাকী । তাতে শাহু আৰু জোৱায়েকৰ মাজত কোনো বিষয়ক লৈ বাকযুদ্ধ হয় ৷ তাৰ পিছতেই জোৱায়েক আমিনুল হকে শাহুৱেকৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী ।
অভিযোগ অনুসৰি,আমিনুল হকে নিজৰ পত্নী, সন্তান থকাৰ পিছতো প্ৰেমৰ চলনাৰে দ্বিতীয় বিবাহ কৰাইছিল আন এগৰাকী মহিলাক ৷ দ্বিতীয় পত্নীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পিছৰে পৰা প্ৰথমা পত্নীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে লোকজনৰ বিৰুদ্ধে । যাৰ ফলশ্ৰুতিত শাহুৱেককো প্ৰহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে আমিনুলে । ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে আক্ৰমণকাৰী আমিনুলৰ শহুৰ আৰু শাহুয়েকে ।
লগতে পঢ়ক: মহানগৰীৰ চিটি চেন্ট্ৰেল ম'লত ভয়ংকৰ অগ্নিকাণ্ড