ETV Bharat / state

ৰঙিয়াৰ পানী যোগান আঁচনি এতিয়া ড্ৰাগছৰ আড্ডাস্থলী

ড্ৰাগছৰ আড্ডাস্থলীত পৰিণত হৈছে ৰঙিয়াৰ উদিয়ানাৰ ৩ নং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি । যোৱা ৬ বছৰে আঁচনিটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে ।

author img

By

Published : Feb 1, 2021, 8:26 PM IST

ৰঙিয়াৰ পানী যোগান আঁচনি এতিয়া ড্ৰাগছৰ আড্ডাস্থলী
ৰঙিয়াৰ পানী যোগান আঁচনি এতিয়া ড্ৰাগছৰ আড্ডাস্থলী

ৰঙিয়া, ১ ফেব্ৰুৱাৰী: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি এতিয়া ড্ৰাগছৰ আড্ডাস্থলীত পৰিণত হৈছে । ৰঙিয়াৰ উদিয়ানাৰ ৩ নং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত সন্ধিয়া হ'লেই অনৈতিক কাৰ্য-কলাপত লিপ্ত হয় একাংশ দুষ্ট প্ৰকৃতিৰ লোক । সোমবাৰেও এই আঁচনিটোত ড্ৰাগছৰ খালী কন্টেইনাৰ পৰি থকা পৰিলক্ষিত হয় ।

পানী যোগান আঁচনিটো মুকলি কৰাৰ পূৰ্বে যন্ত্ৰ-পাতি, পাইপ সকলো জহি-খহি গৈছে । পানী যোগানৰ নামত নিম্ন মানদণ্ডৰ আঁচনিৰ ঘৰ সাজিয়েই লুন্ঠনৰাজ চলাইছে বিষয়া, ঠিকাদাৰে । উল্লেখ্য যে, যোৱা ৬ বছৰে আঁচনিটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে । কিন্তু আজিকোপতিও নোলাল এটুপি পানী । কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান আঁচনিটোৰ পৰা কোনো ধৰণে লাভবান নহ'ল স্থানীয় ৰাইজ ।

বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিল বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ । বিশুদ্ধ খোৱা পানীৰ নামত নৈ, পুখুৰীৰ পানী খায়েই জীৱন কটাবলৈ বাধ্য হৈছে লোকসকল । অবিকল যন্ত্ৰ-পাতিখিনিও সম্প্ৰতি ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিছে । এনেদৰেই একাংশ দুৰ্নীতি পৰায়ন বিষয়া আৰু ঠিকাদাৰে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.