ETV Bharat / state

কৃত্ৰিম বানপানীত ডুব গ'ল ৰঙিয়া থানাৰ চৌহদ - police family

দেওবাৰে সন্ধিয়াৰ পৰা হোৱা মুষলধাৰ বৰষুণত পানীৰে ভৰি পৰিল থানাৰ চৌহদ । চৰকাৰী কোৰ্ৱাটাৰত ওলাইছে মাছ ।

কৃত্ৰিম বানপানীত ডুব গ'ল ৰঙিয়া থানাৰ চৌহদ
author img

By

Published : Jul 15, 2019, 8:40 AM IST

ৰঙিয়া, ১৫ জুলাই : এজাক বৰষুণতেই পানীৰে ভৰি পৰে ৰঙিয়া থানাৰ চৌহদ । কালি বৰষুণত থানাখনত থকা চৰকাৰী আৱাসগৃহ সমূহ পানীৰে ভৰি পৰে । আগৰ পৰাই বসবাসৰ অনুপযোগী জৰাজীৰ্ণ হৈ পৰা এই আৱাসগৃহ সমূহ পানীৰে ভৰি পৰাত দুৰ্ভোগ ভুগিছে আৰক্ষী তথা তেওলোকৰ পৰিয়ালে । পানীৰ লগত সাপ,ভেকুলী আদি সোমাই পৰাত এতিয়া কণ কণ লৰা-ছোৱালীবোৰ আতংকিত হৈ পৰিছে । পানীৰ বাবে ঘৰৰ কোঠা কেইটাটো যাব নোৱাৰা হৈছে বাসিন্দা সকল । বিছনাত বহিয়েই পঢ়া-শুনা কৰিছে শিক্ষাৰ্থীসকলে । পানীৰ বাবে বাথৰুম পৰ্যন্ত যাব লোৱাৰা হৈছে অসহায় পৰিয়াল কেইটা । এনেদৰে এতিয়া এজাক বৰষুণ দিলেই আবাসগৃহ সমূহ পানীৰে ভৰি পৰা কথাটো প্ৰতিনিয়ত ঘটনাত পৰিণত হৈছে । ৰঙিয়া আৰক্ষীৰ সমস্যা সমূহ সমাধান কৰি আবাসগৃহ বোৰ বাসপযোগী কৰি দিবলৈ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক প্ৰাৰ্থনা জনাইছে আৰক্ষী পৰিয়াল তথা কণমানি সকলে ।

Intro:ৰঙিয়া থানাত কৃত্ৰিম বানপানী।Body:কৃত্ৰিম বানত বুৰিছে ৰঙিয়া থানা চৌহদ । সন্ধিয়াৰ পৰা হোৱা মুষুলধাৰ বৰষুণত পানীৰে ভৰি পৰিছে থানাৰ চৌদিশ । থানাখনত থকা চৰকাৰী আৱাসগৃহ সমূহত এতিয়া কেবল মাথো পানী ।বসবাসৰ অনুপযোগী হৈ পৰা জৰাজীৰ্ণ আৱাসগৃহ সমূহ পানীৰে ভৰি পৰাত উপায়ন্তৰ হৈ পৰিছে আৰক্ষী তথা আৰক্ষীৰ পৰিয়াল । পানীৰ লগত সাপ , ভেকুলী আদি সোমাই পৰাত কণ কণ লৰা-ছোৱালীবোৰক লৈ আতংকিত হৈ পৰিছে । পানীৰ বাবে ঘৰৰ কোঠা কেইটাটো যাব নোৱাৰা হৈছে কনমানিবোৰ ।বিছনাত বহিয়েই পঢ়া-শুনাৰ পৰা খেলিব লগা হৈছে খেল , ।ইফালে ৰঙিয়া থানা চৌহদ বিপদজ্বনক ভাবে জঙ্গলে আগুৰি ধৰাত পোক পৰুৱাৰ লগত সহাৱস্হান কৰিব লগা হৈছে ।। যাব নোৱাৰা হৈছে বাথৰুমলৈ । ঘৰত পানী সোমোৱাৰ বাবে প্ৰতিটো পৰিয়ালৰ বহু সামগ্ৰী নষ্ট হোৱাৰ উপৰি বহু নিত্য ব্যৱহাৰ্য বয়বস্তূ বান্ধি থব লগা হৈছে । গুৰুত্বপূৰ্ণ কথাটো হৈছে এই দৃশ্য কেবল আজিৰ নহয় । এজাক বৰষুণ দিলেই আবাসগৃহ সমূহ পানীৰে ভৰি থকা কথাটো প্ৰতিনিয়ত ঘটনাত পৰিণত হৈ ফৰিছে । আৰু এনে অৱস্থাত থাকিয়েই ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লগা হৈছে ৰঙিয়া আৰক্ষী । ৰঙিয়া আৰক্ষীৰ সমস্যা সমূহ সমাধান কৰি আবাসগৃহ বোৰ বাসপযোগী কৰি দিবলৈ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক প্ৰাৰ্থনা জনাইছে আৰক্ষী পৰিয়াল তথা কনমানিসকলে ।
Byte : আবাসীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.