ETV Bharat / state

শিশু দিৱসৰ দিনা ৰঙিয়াত এজাক বিশেষ শিশুৰ সৈতে ইটিভি ভাৰত - শিশু দিৱস

ৰঙিয়াৰ বিশেষ শিশু আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত সমাজৰ আগত নিজক তুলি ধৰাৰ আপ্ৰাণ চেষ্টা এজাক শিশুৰ ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে উদযাপন কৰিলে শিশু দিৱস ৷

শিশু দিৱসৰ দিনা ৰঙিয়াত এজাক বিশেষ শিশুৰ সৈতে ইটিভি ভাৰত
author img

By

Published : Nov 14, 2019, 6:52 PM IST

ৰঙিয়া,14 নৱেম্বৰ: নৱেম্বৰ মাহৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ৷ শিশুসকলৰ অতি মৰমৰ নেহৰু খুড়া ৰূপে পৰিচিত পণ্ডিত নেহৰুৱে নিজৰ জন্মদিনটো উচ্চৰ্গা কৰিছিল কণ কণ শিশুসকলৰ বাবে আৰু সেই উপলক্ষে 14 নৱেম্বৰ দিনটোকে ভাৰতবাসীয়ে পালন কৰে শিশু দিৱস হিচাপে ৷ এখন সমাজ তথা দেশৰ ভৱিষ্যত হিচাপে পৰিচিত শিশুসকলৰ এই বিশেষ দিনটোতে ইটিভি ভাৰতে এজাক বিশেষ শিশুৰ সৈতে গীতে-মাতে উদযাপন কৰিলে শিশু দিৱস ৷ এই বিশেষ দিনটোতে ইটিভি ভাৰতৰ সাংবাদিক গৈ উপস্থিত হ'ল শোষিত,তথা নিজ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত এজাক শিশুৱে বাস কৰা কামৰূপ জিলাৰ ৰঙিয়াৰ বিশেষ শিশুৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত ৷ এই শিশুৱাসটোৰ বিষয়ে মন কৰিবলগীয়া কথাটো হ'ল ইয়াত বসবাস কৰে এসময়ত হোটেল বা গেৰেজত শ্ৰমিক হিচাপে কাম কৰা তথা নিজ জন্মদাতা পিতৃ-মাতৃৰ দ্বাৰাও অৱেহিলত হোৱা ১০ৰ পৰা ১৪ বছৰ বয়সৰ একাংশ ছাত্ৰই ৷ এসময়ত অনাই বনাই ঘূৰি ফুৰা এইসকল শিশুক সৌভাগ্য বশতঃ চাইল্ড লাইন অথবা কোনো সদাশয় ব্যক্তিয়ে থৈ গৈছিল এই বিশেষ আৱাসিক কেন্দ্ৰটোত ৷

শিশু দিৱসৰ দিনা ৰঙিয়াত এজাক বিশেষ শিশুৰ সৈতে ইটিভি ভাৰত

কিন্তু সময় সলনি হ'ল,এতিয়া এইসকল ছাত্ৰই আৱসগৃহতটোতে থাকি আৰম্ভ কৰিছে নিজৰ বিদ্যায়তনিক যাত্ৰা ৷ তিনিগৰাকীকৈ শিক্ষক আৰু তিনিগৰাকী কৰ্মচাৰীয়ে এই বঞ্চিত শিশুসকলক কঠোৰ পৰিশ্ৰমৰ মাজেৰে পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তেওঁলোকক সাজু কৰিছে বাহিৰৰ পৃথিৱীৰ লগত খোজত খোজ মিলাবলৈ ৷ শিশু দিৱসৰ এই পবিত্ৰ ক্ষণত ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত প্ৰতিভাশালী ছাত্ৰসকলে নিজৰ হাতৰ যাদু দেখুৱাই আঁকিলে ছবি,কোনোৱে যদি কৰিলে কবিতা আবৃত্তি আন কোনোবাই কৰি দেখুৱালে "দুখীয়া হোৱাৰ দুখ"ৰ অভিনয়ৰ লগতে গাই শুনালে ভূপেন দাৰ কালজয়ী গীত ৷ মূলসুঁতিৰ সুখ-দুখ বোৰৰ পৰা বহু আতৰত এইসকল ছাত্ৰই প্ৰমাণ কৰি দেখুৱাইছে আগে পিছে কোনো নাথাকিলেও মনস্তাত্বিক ভাৱে কিমান শক্তিশালী হ'ব পাৰে এটি শিশু ৷ আৰু সেই বাবেই হয়টো পণ্ডিত নেহৰুৱে কৈ গৈছে, "প্ৰত্যেকটো শিশু বিশেষ,প্ৰত্যেটো শিশু ভগৱানৰ দান যাৰ এটি মাথো হাঁহিয়ে দূৰ কৰিব পাৰে সকলো বিষাদ" ৷ যি নহওক এই শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত অতি সোনকালে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ৷ এতিয়া ইয়াৰ বাবেই আশাৰে বাট চাইছে সকলোৱে ৷

আৰু পঢ়ক: শিশু দিৱসঃ দেশৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি

Intro:এজাক বঞ্চিত শিশুৰ নিজকে তুলি ধৰিবলৈ আপ্ৰাণ চেষ্টাBody:আজি শিশু দিৱস। শিশু দিৱস উলহ মালহেৰে পালন কৰা আমাৰ সমাজত এতিয়াও এনে শিশু আছে যি নিজৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত। তথাকথিত সমাজে গুৰুত্বহীন বুলি ভবা তেনে কিছু শিশুক বিচাৰি আমি উপষ্ঠিত হৈছিলোঁ গৈ এখন ব‍্যতিক্ৰম বিদ‍্যালয়ত। বিদ‍্যালয়খনৰ ১০০% ছাত্ৰই দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ লগতে আধাতেই স্কুলীয়া শিক্ষা সামৰিছিল। সৰ্বশিক্ষা অভিযানৰ অধীনত স্থাপন হোৱা এই বিদ্যালয় খন হৈছে ৰঙিয়াৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ, ৰঙিয়া। কেৱল লৰা থকা বিদ্যালয় খনৰ ছাত্ৰসকলৰ কোনোই হয়তো শিশু শ্রমিক হিচাপে গেৰেজত বা হোটেলত কাম কৰি আছিল, কোনোবাই হয়তো মাক দেউতাকৰ লগতে কাম কৰিছিল বা কোনোবাই এনেই অনাই বনাই ঘুৰি ফুৰিছিল। পিছে সৌভাগ্য বশতঃ কাৰোবাক চাইল্ড লাইনে বা কাৰোবাৰ পৰিয়ালে নহলেবা কোনো সদাসয় ব‍্যক্তিয়ে এই শিশু সকলক কৰ্মস্থলীৰ পৰা আনি এই বিদ্যালয় খনত নাম ভৰ্তি কৰি দি যায়। ১০ ৰ পৰা ১৪ বছৰ বয়সৰ এই ছাত্র সকলক পুনৰ মুল সুতিৰ শিক্ষাৰ সমকক্ষ কৰিবলৈ এই বিদ‍্যালয়ত বিশেষ ভাৱে প্ৰশিক্ষণ দিয়া হয়। শিশুৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা এই শিশু সকলক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে কঠোৰ জীৱনৰ লগত মুখামুখি হব পৰাকৈ ব‍্যৱহাৰিক জ্ঞান দিবলৈ বিদ‍্যালয় খনত দিনে ৰাতিয়ে কষ্ট কৰি আছে তিনিগৰাকী শিক্ষক তথা তিনিগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে। বিদ‍্যালয় খনত পঢ়াৰ লগতে ছাত্র সকলক দৈনন্দিন জীৱনৰ সৰু কামবোৰো কৰিবলৈ উৎসাহিত কৰা হয়। অতিশয় প্ৰতিভাশালী এই ছাত্ৰসকলে আমাক নিজে আকা ছবিও দেখুৱালৈ, কবিতা আবৃত্তি কৰি দেখুৱালে লগতে অভিনয় কৰি দেখুৱালে "দুখীয়া হোৱাৰ দুখ" আৰু গাই শুনালে ভূপেনদাৰ অমৰ গীত মানুহে মানুহৰ বাবে। মূলসুঁতিৰ পৰা আতৰি আহিলেও পুনৰাই নিজকে তুলি ধৰিবলৈ আপ্ৰাণ চেষ্টা কৰা, হাঁহি মাতি ফুৰ্তি কৰি থকা এজাক নিষ্পাপ শিশুৰ মাজৰ পৰা শেষত আমি বিদায় মাগিলো।
Bite:- ছাত্র, শিক্ষকConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.