ৰঙিয়া, 24 জুনঃ ৰঙিয়াত RAILWAY SUPPLIER ASSOCIATION ৰ প্ৰতিবাদ । মাণ্ডলিক ৰে'ল প্ৰবন্ধকৰ কাৰ্যালয়ত মুকলি নিবিদা বন্ধ কৰাৰ দাবীত সংস্থাটোৱে ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰে । ৰে'ল সংমণ্ডল বিষয়াৰ লগতে অতিৰিক্ত ৰে'ল সংমণ্ডল বিষয়াৰ প্ৰতিমূৰ্তি দাহ কৰি মূৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে মাণ্ডলিক ৰে'ল প্ৰবন্ধকৰ কাৰ্যালয় । হিন্দী লবীক অগ্ৰাধিকাৰ দি থলুৱা যুৱকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
প্ৰতিবাদৰ সময়চোৱাত ৰে'ল সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰী প্ৰৱেশত বাধাও প্ৰদান কৰে সংস্থাটোৰ সদস্যসকলে । মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাতিপুৱা ৯ বজাৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংস্থাটোৱে । ফলত অচল হৈ পৰে কাৰ্যালয়টোৰ কাম কাজ ।
আৰু পঢ়কঃ দক্ষিণ কামৰূপৰ মিৰ্জা সৰপাৰাত অঘটন !