ৰঙিয়া,18জুলাইঃ ৰেল বিভাগক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰঙিয়া ৰেল জংচনৰ সন্মুখত চি আই টি ইউয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৰ'ণা মহামাৰীৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে ১৫১ খন ৰেল ব্যক্তিগত খণ্ডক গটাই দিয়াৰ যি সিদ্ধান্ত লৈছে, তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চি আই টি ইউ ।
কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক মানি লোৱা নহ'ব বুলি চি আই টি ইউ উল্লেখ কৰে। ইপিনে সংগঠনটোৱে চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়া ৰেল জংচন চৌহদ উত্তাল কৰি তুলে । চৰকাৰৰ এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে চি আই টি ইউয়ে ।
লগতে পঢ়কঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানৰ শেহতীয়া তথ্য