ETV Bharat / state

Hackers arrested in Rangia: ৰঙিয়াত আৰক্ষীৰ জালত দুই হেকাৰ

author img

By

Published : Nov 11, 2022, 2:18 PM IST

ৰঙিয়া মহকুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই হেকাৰক(Two hackers arrested by rangia police) । ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট হেক কৰা ঘটনাৰ লগত জড়িত এটা বৃহৎ চক্ৰৰ সদস্য দুয়ো ৷ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হেকাৰ দুটাক ।

Hackers arrested in Rangia
ৰঙিয়া মহকুমা আৰক্ষীৰ জালত দুই হেকাৰ

ৰঙিয়া, 11 নৱেম্বৰ: ৰঙিয়া মহকুমা আৰক্ষীয়ে শুকুৰবাৰে দুই হেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Two hackers arrested by rangia police) । হেকাৰ দুটাই অনলাইন যোগে বেংকৰ গ্ৰাহকৰ একাউন্ট হেক কৰি ধন হৰলুকি কৰিছিল । ধৃত হেকাৰ দুটা মৰিগাঁৱৰ বাহাৰুল ইছলাম আৰু আছাদুল ইছলাম বুলি জানিব পৰা হৈছে । ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে হেকাৰ দুটাক ৷

ৰঙিয়া মহকুমা আৰক্ষীৰ জালত দুই হেকাৰ

জানিব পৰা মতে ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট হেক কৰাৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে(SBI account hacked) । এই চক্ৰটোৰ দুটা হেকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো আন কেইবাটাও পলাতক হৈ আছে । এওলোকে গুৱাহাটীৰ এটি ভাড়াঘৰৰ পৰা হেকিঙৰ কাম চলাই আছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা হৈছে । দুমাহৰ তদন্তৰ অন্ততঃ দুয়োটা হেকাৰক তথ্যসহ গ্ৰেপ্তাৰ কৰে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙে ৷

প্ৰায় দুমাহ পূৰ্বে বাক্সা জিলাৰ দেউলকুছি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ধুহিৰ নিবাসী আব্দুল মতিনে দিয়া এক অভিযোগৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে হেকাৰ দুটাক গ্ৰেপ্তাৰ কৰে । ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙে জানিবলৈ দিয়া অনুসৰি, বেংকৰ গ্ৰাহকৰ পইচা অনলাইনত হেকিং কৰি হৰলুকি কৰা এটা বৃহৎ দলৰ সদস্য এই দুটা হেকাৰ(Bank account hacked) ।

অভিযোগকাৰী অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিনৰ বেংকৰ পৰা ৮ লাখ ৮০ হাজাৰ টকা হৰলুকি কৰাৰ সময়ত যি transaction ID আছিল, তাৰ সহায়ত আৰক্ষীয়ে দুয়োটা হেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই ক্ষেত্ৰত বেংকৰ কৰ্তৃপক্ষই তথ্যসমূহৰ যোগান ধৰা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে । দুয়োটা হেকাৰক জোৰদাৰ জেৰা অব্যাহত ৰখাৰ লগতে তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : Two Kidnappers killed: অপহৰণকাৰীৰ কবলৰ পৰা জীৱন্তে উদ্ধাৰ দুজন, আৰক্ষীৰ গুলীত নিহত দুই অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.