ETV Bharat / state

কৰ'ণাৰ হটস্পট হোৱাৰ দিশে ৰঙিয়াৰ বনগাঁও দহৰা - কামৰূপ জিলা

কামৰূপ জিলাৰ ৰঙিয়া কৰ'ণাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । যাৰ বাবে সষ্টম হৈ পৰিছে জিলা প্ৰশাসন । ৰঙিয়াৰ বনগাঁও দহৰাত একেলগে ২০ জনৰ দেহত ধৰা পৰিছে ক'ভিড ভাইৰাছৰ (Covid Virus) অৱস্থিতি । মহকুমা প্ৰশাসনে বনগাঁও দহৰা অঞ্চল কন্টেইনমেন্ট জ'ন (Containment Zone) হিচাপে ঘোষণা কৰে ।

rangia new containment zone
কৰ'ণাৰ হটস্পট হোৱাৰ দিশে ৰঙিয়াৰ বনগাঁও দহৰা
author img

By

Published : Jul 3, 2021, 10:42 PM IST

ৰঙিয়া, ৩ জুলাই : ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ পুনৰ কৰ'ণা (Corona) আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । স্বাস্থ্য বিভাগেও (Health Department) শেহতীয়াকৈ প্ৰকাশ কৰা মতে সেই জিলাবোৰত কঠোৰ ভাৱে সান্ধ্য আইন (Night Curfew) পালনৰো নিৰ্দেশনা জাৰি কৰিছে । ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত ৰেড জ'ন (Red zone) ঘোষণা কৰাৰ পিছত নতুন আন কেইখনমান জিলাতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ।

শেহতীয়াকৈ কামৰূপ জিলাৰ ৰঙিয়াত কৰ'ণাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । যাৰ বাবে সষ্টম হৈ পৰিছে জিলা প্ৰশাসন । ৰঙিয়াৰ বনগাঁও দহৰাত একেলগে ২০ জনৰ দেহত ধৰা পৰিছে ক'ভিড ভাইৰাছৰ (Covid Virus) অৱস্থিতি ।

আনকি অঞ্চলটোত প্ৰতিদিনে বৃদ্ধি পাৱলৈ ধৰিছে ক'ভিডত আক্ৰান্তৰ সংখ্যা । যাকলৈ যথেষ্ট আতংকিত হৈ পৰিছে ৰঙিয়াৰ ৰাইজ । আক্ৰান্তৰ হাৰ (Positivity rate) বৃদ্ধি হোৱাৰ লগে লগে মহকুমা প্ৰশাসনে বনগাঁও দহৰা অঞ্চল কন্টেইনমেন্ট জ'ন (Containment Zone) হিচাপে ঘোষণা কৰে । লগতে অঞ্চলটোত ছেনিটাইজেচনৰো (Sanitization) ব্যৱস্থা কৰে প্ৰশাসনে ।

ইফালে ক'ৰণা ভাইৰাছৰ পৰা নিজক বচাই ৰখাৰ বাবে সকলোৱে নিজৰ নিজৰ ঘৰত নিজকে আৱদ্ধ কৰি ৰাখিছে । দোকান-পোহাৰ বন্ধ ৰাখি নিজাববীয়াকৈ লকডাউন পালন কৰিছে অঞ্চলটোৰ ব্যৱসায়ীসকলে । কিন্তু ইয়াৰ মাজতে একাংশৰ মাজত এতিয়াও সজাগতাৰ অভাৱ দেখিবলৈ পোৱা গৈছে কিয়নো মাস্ক (mask) অবিহনে সেইসকলে অনাই বনাই ঘুৰি ফুৰিছে কন্টেইনমেন্ট জ'নৰ ভিতৰত ।

উল্লেখ্য যে, ৰঙিয়াত বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হৈ ৩৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা ১৬৭১ গৰাকীলৈ বৃদ্ধি পাইছে । যাক লৈ এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰঙিয়াতে । ৰঙিয়াৰ বনগাঁও দহৰাত হঠাতে কেনেদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে সেই বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত । ৰঙিয়াৰ বনগাঁও দহৰা অঞ্চলত গণ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে অঞ্চলটো কৰ'ণা ভাইৰাছৰ হটস্পট (hotspot) হৈ পৰাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে ।

লগতে পঢ়ক:বাক্সাত যিকোনো মুহুৰ্ততে বিদ্যুতৰ তাঁৰে আনিব পাৰে বিপদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.