ETV Bharat / state

জীৱনৰ বিয়লি বেলাত আৰ্থিক দীনতাই কোঙা কৰা এগৰাকী প্ৰাণ শিল্পীৰ কথাৰে... - শিল্পী পেঞ্চন

জীৱনৰ বিয়লি বেলাত অকলশৰীয়া,অৱহেলিত এসময়ত অনাতাঁৰ কেন্দ্ৰত কামৰূপীয়া লোকগীতেৰে শ্ৰোতাৰ মন মুগ্ধ কৰা আশীতিপৰ শিল্পী মহেন্দ্ৰ কলিতাৰ খবৰ লবলৈ আহৰি নাই চৰকাৰৰ ৷ শিল্পী পেঞ্চনৰ নামত নাপালে এটা ফুটা কড়ি এটাও ৷

জীৱনৰ বিয়লি বেলাত আৰ্থিক দীনতাই কোঙা কৰা এগৰাকী প্ৰাণ শিল্পীৰ কথাৰে...
author img

By

Published : Nov 7, 2019, 9:33 AM IST

ৰঙিয়া, 7 নৱেম্বৰ: সুদীৰ্ঘ ৪০ বছৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত কামৰূপী লোকগীত পৰিৱেশন কৰি শ্ৰোতাৰ হৃদয় জয় কৰি আজীৱন কামৰূপীয়া লোক সংস্কৃতিৰ সাধনা কৰা ৰঙিয়াৰ বৰ্ষীয়ান শিল্পী মহেন্দ্ৰ কলিতাই আজিলৈ লাভ কৰিবলৈ সক্ষম নহল শিল্পী পেঞ্চন ৷ আশীতিপৰ তথা দৃষ্টিহীন এই শিল্পীগৰাকীৰ ঘৰ ৰঙিয়াৰ বৰলেছাকোণাত ৷ নিজ বৃদ্ধা পত্নীৰ সৈতে আৰ্থিক দীনতাই সম্পূৰ্ণ ৰূপে কোঙা কৰা এই গৰাকী শিল্পীয়ে বৰ্তমান এটা উৰুখা পজাঁত যথেষ্ট কষ্টৰ মাজেৰে অতিবাহিত কৰিছে প্ৰতিটো দিন ৷

জীৱনৰ বিয়লি বেলাত আৰ্থিক দীনতাই কোঙা কৰা এগৰাকী প্ৰাণ শিল্পীৰ কথাৰে...

অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ কামৰূপী লোকগীতৰ অনাতাঁৰ কেন্দ্ৰৰ লগতে অসমৰ বহুকেইখন মঞ্চত পৰিৱেশ কৰি সংস্কৃতিৰ ভড়াল চহকী কৰা এইগৰাকী শিল্পী বৰ্তমান নিজৰ লগতে পত্নীৰ চিকিৎসাৰ বাবদ হোৱা খৰচখিনিও বহন কৰিবলৈ অসমৰ্থ ৷ বাৰে বাৰে শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিও চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দৃষ্টিত এগৰাকী শিল্পী হ'বলৈ সক্ষম নহল কামৰূপীয়া লোকগীতৰ নীৰৱ সাধক মহেন্দ্ৰ কলিতা ৷

শিল্পী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি কেইবছৰমান পূৰ্বে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ত তেওঁ যাৱতীয় নথি-পত্ৰসহ পেঞ্চনৰ বাবে আবেদন জনাইছিল যদিও আজিলৈ শিল্পী পেঞ্চনৰ বাবে স্বীকৃতি পাবলৈ সক্ষম নহল ৷ এতিয়া প্ৰশ্ন হয় কিয় এগৰাকী অসহায় বৃদ্ধ শিল্পীক এইদৰে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে অসম চৰকাৰে? এই লৈ এতিয়া বিজ্ঞ মহলত উদয় হৈছে প্ৰশ্নৰ ৷ বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিভাগক অতি সোনকালে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সংস্কৃতিপ্ৰেমী ৰাইজে ৷

লগতে চাওকঃ নলবাৰীত মৰেল পুলিচঃ যুৱতীক গোৰ সোধালে যুৱকে!

Intro:চল্লিশ বছৰ কাল অনাতাঁৰ কেন্দ্ৰত লোকগীত পৰিবেশ কৰা স্বীকৃতি প্ৰাপ্ত শিল্পী মহেন্দ্ৰ কলিতাই আজিলৈকে লাভ নকৰিলে শিল্পী পেঞ্চন।Body:সুদীৰ্ঘ ৪০ বছৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত কামৰূপী লোকগীত পৰিবেশন কৰাৰ পিছতো শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে ৰঙিয়াৰ মহেন্দ্ৰ কলিতা। আশীতিপৰ তথা দৃষ্টিহীন এই শিল্পীগৰাকীৰ ঘৰ ৰঙিয়াৰ বৰলেছাকোণাত। আৰ্থিক দীনতাৰ মাজেৰে দিন কটোৱা শিল্পীগৰাকীয়ে বৰ্তমান যথেষ্ট কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছে। অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ কামৰূপী লোকগীত অনাতাঁৰ কেন্দ্ৰৰ লগতে অসমৰ বহুকেইখন মঞ্চত পৰিবেশ কৰি সংস্কৃতিৰ ভড়াল চহকী কৰা এই শিল্পীগৰাকীয়ে এতিয়া এটা উৰুখা পজাঁত দিন অতিবাহিত কৰিছে। এসময়ত অগণন শ্ৰোতা দৰ্শকৰ মন জয় কৰা অনাতাঁৰ কেন্দ্রৰ পৰা স্বীকৃতি প্ৰাপ্ত এই শিল্পীগৰাকীয়ে বৰ্তমান নিজৰ লগতে পত্নীৰ চিকিৎসাৰ বাবদ হোৱা খৰচখিনিও বহন কৰিবলৈ সক্ষম নহয়। আৰ্থিক ভাৱে জুৰুলা পৰিয়ালটোৱে আনকি চৰকাৰী আৱাস গৃহও লাভ কৰিবলৈ সক্ষম হোৱা নাই। শিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে কিছু বছৰ পূৰ্বে তেখেতে সাংস্কৃতিক সঞ্চালকালয়ত যাৱতীয় নথি-পত্ৰসহ পেঞ্চনৰ বাবে আবেদন জনাইছিল যদিও আজিলৈকে দৃষ্টিহীন শিল্পীগৰাকীয়ে পেঞ্চন পাবলৈ সক্ষম নহল। ওৰেটো জীৱন অসমৰ লোক-সংগীতৰ সাধনা কৰা শিল্পীগৰাকীয়ে জীৱনৰ বিয়লিবেলাত কষ্টৰে দিন অতিবাহিত কৰি আহিছে। এগৰাকী অসহায় বৃদ্ধ শিল্পীক নিজৰ প্ৰাপ্যৰ পৰা কিয় বঞ্চিত কৰা হ'ল এই লৈ বিজ্ঞ মহলত প্ৰশ্নৰ উদয় হৈছে। সংস্কৃতিপ্ৰেমি ৰাইজে সংশ্লিষ্ট বিভাগক এই বিষয়ত অতি সোনকালে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Bite:- মহেন্দ্ৰ কলিতাConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.