ETV Bharat / state

Flood at Rangia : বাঢ়নি পানীয়ে ছিগিলে ৰঙিয়াৰ চেনিমাৰা-বিহাপাৰা অঞ্চলৰ মূল পথটো - Flood situation is remain same in Assam

বান বিভীষিকাত বিধ্বস্ত ৰাজ্য ৷ বছৰৰ বাৰিষাৰ প্ৰথমটো বানত ছিগি গ’ল ৰঙিয়াৰ চেনিমাৰা-বিহাপাৰা অঞ্চলৰ মূল পথচোৱা ৷ ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগাত পৰিছে অঞ্চলটোৰ ৰাইজে ৷

Flood at Rangia
ৰাজ্যত অব্যাহত আছে বান বিভীষিকা
author img

By

Published : Jun 24, 2023, 1:04 PM IST

বান বিভীষিকাত বিধস্ত ৰাজ্য

ৰঙিয়া, 24 জুন : ৰাজ্যত অব্যাহত আছে বান বিভীষিকা । বছৰৰ বাৰিষাৰ প্ৰথমটো বানত এতিয়া ককবকাইছে হাজাৰ হাজাৰ ৰাইজ ৷ তথ্য অনুসৰি, শুকুৰবাৰলৈকে ৰাজ্যৰ মুঠ 19 খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে । চৰকাৰী হিচাপ মতে, ৰাজ্যখনৰ প্ৰথমটো বানত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে ৷ ৰাজ্যৰ কিছু কিছু বান শিবিৰত জীৱ-জন্তুৰ সৈতে বন্যাৰ্তই একেলগে সহাৱস্থান কৰিব লগাত পৰিছে ৷

ৰাজ্যৰ প্ৰথমটো বানত ৰঙিয়াৰ ভিন ভিন ক্ষেত্ৰ ইতিমধ্যে বুৰ গৈছে ৷ এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই ৷ জানিব পৰা মতে, বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও বলিয়া বানে ৰঙিয়াৰ চেনিমাৰা-বিহাপাৰা অঞ্চলত মূল পথচোৱা ছিগি লৈ যায় ৷ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

Flood at Rangia
ৰাজ্যত অব্যাহত আছে বান বিভীষিকা

পথটোৰ মাজেৰে প্ৰৱল সোঁতত পানী ব’বলৈ ধৰিছে ৷ ফলত অতি বিপজ্জনকভাৱে ৰাইজে যাতায়ত কৰিবলৈ বাধ্য হৈ পৰিছে । ইতিমধ্যে এই পথটোৰে যাতায়ত কৰাত বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । উক্ত পথটোৰে যাতায়ত কৰোতে বুধবাৰে বাইকসহ এগৰাকী যুৱকৰ পানীৰ সোঁতে উটুৱাই লৈ যায় । কিন্তু সৌভাগ্যক্ৰমে পথৰ দাঁতিত সুৰক্ষাৰ বাবে পুঁতি থোৱা বাঁহৰ খুঁটাত ধৰি যুৱকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰে ৷

ইফালে বাঢ়নি পানীয়ে বাইকখন বহু দূৰলৈকে উটুৱাই লৈ যায় । অৱশ্যে স্থানীয় যুৱক কেইজনমানৰ তৎপৰতাৰে বাইকখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই সমস্ত ঘটনা ঘটনাস্থলীত উপস্থিত থকা এজন লোকৰ ম’বাইলৰ কেমেৰাত বন্দী কৰা হয় আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভয়াৱহ ভিডিঅ’ ।

দৈনিক শতাধিক গাঁৱৰ সহস্ৰাধিক লোকে অহা-যোৱা কৰা এই মূল পথটো এনেদৰে বানত ছিগি যোৱাত বৃহত্তৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । বিশেষকৈ ছাত্ৰ-ছাত্ৰী, মহিলা, বৃদ্ধ আৰু ৰোগীয়ে যাতায়ত কৰাটো দুৰ্বিষহ হৈ পৰিছে ।

পথটোৰ এই স্থানত এখন দলং নথকা বাবেই পূৰ্বেও চাৰিবাৰকৈ এনেদৰে ভাঙি গৈছিল । পুনৰ এইবাৰ বানত পথচোৱা ছিগি যোৱাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা পৰিছে । সেয়ে এনে জ্বলন্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰঙিয়াৰ উক্ত পথচোৱাত এখন দলং নিৰ্মাণ কৰিবলৈ বানপীড়িত ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক : Flood in Assam : বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.