ETV Bharat / state

আৰক্ষীয়ে গাঁত খান্দি উলিয়ালে মৃতদেহ

author img

By

Published : Nov 2, 2019, 10:04 PM IST

মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে গাঁতত পুতি থৈছিল পথ দুৰ্ঘটনাত নিহত অনিল বড়ো নামৰ এজন লোকৰ মৃতদেহ ৷ সেয়ে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে সমাধি খান্দি উলিয়াই আনিলে মৃতদেহ ৷

ৰঙিয়াত আৰক্ষীয়ে গাঁত খান্দি উলিয়াই আনিলে মৃতদেহ

ৰঙিয়া, 2 নৱেম্বৰ: ৰঙিয়াৰ বৰকুৰিহাৰ অঞ্চলত সংঘটিত হৈছে নাভুত-নাশ্ৰুত কাণ্ড ৷ পথ দুৰ্ঘটনাত নিহত হোৱা বৰকুৰিহাৰ অনিল বড়ো নামৰ এজন লোকৰ গাঁতত পুতি থোৱা মৃতদেহ দণ্ডাধীশৰ উপস্থিতিত শনিবাৰে গাঁত খান্দি উলিয়াই আনে ৰঙিয়া আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে গাঁত খান্দি পুতি থোৱা হৈছিল প্ৰায় ডেৰমাহ পূৰ্বে টেক্টৰৰ খুন্দাত গুৰুতৰ ভাবে আহত হৈ 4 দিন পূৰ্ৱে মৃত্যু হোৱা অনিল বড়ো নামৰ দিন হাজিৰা কৰা লোকজনৰ মৃতদেহ ৷ শনিবাৰে এই কথা ৰঙিয়া আৰক্ষীয়ে জানিব পাৰি দণ্ডাধীশৰ উপস্থিতিত গাঁতত পুতি থোৱা অৱস্থাত মৃত লোকজনৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ৷

উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ চালককো আটক কৰিছিল আৰক্ষীয়ে, কিন্তু ইয়াৰ পাছতো কি কাৰণত মৰণোত্তৰ পৰীক্ষা নকৰাকৈ লোকজনৰ মৃতদেহ পৰিয়ালটোৱে এনেদৰে পুতি থৈছিল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ৷ কোনো পক্ষৰ ভাবুকিৰ বাবে পৰিয়ালটোৱে এনে কাৰ্য কৰিছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে গাঁতত পুতি থৈছিল পথ দুৰ্ঘটনাত নিহত অনিল বড়ো নামৰ এজন লোকৰ মৃতদেহ

Intro:গাঁত খান্দি উলিয়াই অনা হ'ল মৃতদেহBody:ৰঙিয়াত গাঁঁত খান্দি পুতিথোৱা মৃতদেহ উলিয়াই আনিলে আৰক্ষীয়ে। দণ্ডাধীশৰ উপস্থিতিত চাৰিদিন পূৰ্বে গাঁঁতত পুতি থোৱা মৃতদেহ আজি উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে। এই ঘটনা ৰঙিয়াৰ বৰকুৰিহাৰ। বৰকুৰিহাৰ অনিল বড়ো নামৰ লোকজন প্ৰায় ডেৰমাহ পুৰ্বে গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন অৱস্হাতে মৃত্যু হৈছিল। কোনো মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে তেওঁক গাঁঁত খান্দি পুতি থোৱা হৈছিল। এই সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে জানিব পাৰি দণ্ডাধীশৰ উপস্থিতিত গাতত পুতি থোৱা অনিল বড়োৰ মৃতদেহ উদ্ধাৰ কৰে, কিয়নো অনিল বড়োৰ মৃত্যু সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল ৰঙিয়া থানাত। দুখন টেক্টৰৰ চালকৰ মাজত গতিবেগৰ খেদা-খেদিত এখন টেক্টৰৰ খুন্দাত গুৰুতৰ ভাবে আহত হৈছিল দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা অনিল বড়ো। এই সংক্ৰান্তত এজন টেক্টৰৰ চালকক আটকো কৰিছিল আৰক্ষীয়ে। পিছত মৃত্যু মুখত পৰা অনিল বড়োক পৰিয়ালৰ লোকে পুতি থোৱাত ৰহস্যৰ সৃষ্টি হয়। মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে মৃতদেহটো কিয় পুতি থলে সেই সন্দৰ্ভতো প্ৰশ্নৰ উদয় হৈছে। কোনো পক্ষৰ ভাবুকিৰ বাবে পৰিয়ালটোৱে এনে কাৰ্য কৰিছে নেকি সেই দিশতো আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে।
বাইট : আত্মীয় ।
:আৰক্ষী বিষয়াConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.