ETV Bharat / state

ৰঙিয়াত 'ৰাইজৰ দল'ৰ কাৰ্যালয়ৰ শুভ উদ্বোধন - ৰাজ্যিক উপ-সভাপতি হৰেশ্বৰ বৰ্মন

বুধবাৰে ৰঙিয়াত উদ্বোধন কৰা হ'ল 'ৰাইজৰ দল'ৰ কাৰ্যালয় । উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে ৰাইজৰ দলৰ ৰাজ্যিক উপ-সভাপতি হৰেশ্বৰ বৰ্মনে ।

ৰঙিয়াত 'ৰাইজৰ দল'ৰ কাৰ্যালয়ৰ শুভ উদ্বোধন

author img

By

Published : Feb 3, 2021, 4:06 PM IST

ৰঙিয়া, ৩ ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিবলৈ সাজু হৈছে ৰাইজৰ দল । বুধবাৰে ৰঙিয়াত ৰাইজৰ দলৰ কাৰ্যালয় উদ্বোধন কৰা হয় । উদ্বোধনী অনুষ্ঠানত অংশ লৈ বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ ৰাজ্যিক উপ-সভাপতি হৰেশ্বৰ বৰ্মনে । বিজেপিয়ে ভ্ৰষ্টাচাৰী শাসন ব্যৱস্থাৰে দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে বুলি অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সকলোকে একগোট হ'বলৈ আহ্বান জনায় ৰাইজৰ দলৰ নেতাগৰাকীয়ে ।

বিজেপি চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক খেলিমেলি, দুৰ্নীতি সংঘটিত কৰাৰো অভিযোগ তোলে হৰেশ্বৰ বৰ্মনে । লগতে বিজেপিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ'ব পৰা কেতবোৰ কাম কৰি সমাজৰ শান্তি বিঘ্নিত কৰাৰ পৰিকল্পনা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ।

আনহাতে, বিজেপিৰ সমৰ্থকসকলে নিজেই এইবাৰ বিজেপিক গাদীচ্যুত কৰিবলৈ ৰাইজৰ দলৰ প্ৰতি সহযোগিতা আগবঢ়াইছে বুলিও মন্তব্য কৰে ৰাজ্যিক উপ-সভাপতিগৰাকীয়ে । ইয়াৰ উপৰিও বিজেপিৰ ৪২ লাখ পৃষ্ঠাপ্ৰমুখ নিযুক্তি দিয়া কাৰ্য হাস্যকৰ বুলি কৈ তেওঁলোকৰ এই 'পৃষ্ঠাপ্ৰমুখ' পৃষ্ঠাতেই থাকিব বুলিও তাচ্ছিল্য কৰে ।

লগতে পঢ়ক:ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.