ETV Bharat / state

ৰাভা ছাত্ৰ সন্থাই জব্দ কৰিলে চোৰাং কাঠৰ ঘাটি

author img

By

Published : Aug 7, 2020, 12:40 PM IST

চোৰাং কাঠ ব্যৱসায়ীৰ পৰা মাহেকত বামুণীগাঁৱৰ ৰেঞ্জাৰ কুশল দাসে ২০ হেজাৰ টকাকৈ আদায় লোৱাৰ অভিযোগ ৰাভা ছাত্ৰ সন্থাৰ ৷ তপন কলিতা নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা 50 হাজাৰ টকাৰ কাঠ জব্দ কৰি বন বিভাগক গতাই দিলে সংগঠনটোৱে ৷

rabha students union seized illegal wood in chaygaon

ছয়গাঁও,7 আগষ্টঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বিভিন্ন অঞ্চলত চলি আছে চোৰাং কাঠৰ ব্যৱসায় ৷ প্ৰতিদিনে নিশাৰ ভাগত চাইকেল,ঠেলা আদিৰে চোৰাং বেপাৰীয়ে সৰবৰাহ কৰি আছে মূল্যৱান কাঠ ৷ বিশেষকৈ বিগত কিছুদিনৰ পৰা বামুণীগাঁও আৰু কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ ৰতনপুৰ,জালুকবাৰী আদি বিভিন্ন অঞ্চলত চোৰাং কাঠ বেপাৰীৰ দৌৰাত্ম বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,যাৰ বাবে কিছুদিনৰ পৰা ৰাভা ছাত্ৰ সন্থাই নিশাৰ ভাগত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ অভিযানত সহযোগিতা আগবঢ়াইছে কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে ৷

মুণীগাঁৱৰ ৰেঞ্জাৰ কুশল দাসৰ বিৰুদ্ধে অভিযোগ

কিছুদিন পূৰ্বে ছয়গাঁও ৰাভা ছাত্ৰ সন্থাই ৭ খন চাইকেলত চোৰাং কাঠ কঢ়িয়াই অনা চাইকেল সহ কাঠ জব্দ কৰি জব্দকৃত কাঠখিনি কুলশী বনাঞ্চলিক কাৰ্যালয়ক চমজাই দিয়ে ৷ অনুৰূপভাৱে,বৃহস্পতিবাৰে সন্ধিয়া তিনিখন চাইকেলত ফলা কাঠ কঢ়িয়াই নিয়াৰ খবৰ লাভ কৰি ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে চাইকেল কেইখনৰ পিচ লোৱাত চোৰাং বেপাৰী কেইজনে কাঠখিন পথৰ ওপৰত পেলাই থৈ পলাই যায় ৷ পাছত উদ্ধাৰ হোৱা কাঠখিনি আৰছুৰ ৰিহাবাৰীস্থ কাৰ্যালয়লৈ লৈ আহে সংগঠনটোৰ সদস্যসকলে ৷ ইয়াৰ পাছতেই আৰছুৰ সদস্য সকলে এক গোপন অভিযানত এখন চোৰাং কাঠ কঢ়িওৱা চাইকেলৰ পিচ লৈ ফালাঘাটৰ তপন কলিতা নামৰ লোকজনৰ ঘৰত উপস্থিত হয় ৷ তপন কলিতাৰ ঘৰত আৰছুৰ সদস্য সকলে চাইকেলসহ কাঠখিনি জব্দ কৰাৰ লগতে তেওঁৰ ঘৰৰ পিচফালে জমা ৰখা বহু সংখ্যক ফলা কাঠ উদ্ধাৰ কৰে ৷ তপন কলিতাৰ আন এটা ঘৰৰ পৰাও কিছু ফলা কাঠ আৰছুৰ সদস্য সকলে জব্দ কৰে ৷ আৰছুৱে জানিবলৈ দিয়ামতে ফালাঘাট গাঁৱৰ তপন কলিতা নামৰ লোকজনে দীৰ্ঘদিন ধৰি ঘৰৰ পৰাই চোৰাং কাঠৰ ব্যৱসায় চলাই আছিল ৷ আনকি তেওঁৰ ঘৰত কাঠফলা সৰু মেচিন এটা আছে বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে ৷ অৱশ্যে নিশা আৰছুৱে চলোৱা অভিযানত তপন কলিতাৰ পৰা চোৰাং কাঠ জব্দ কৰাৰ সময়তেই তপন কলিতাই পলায়ন কৰে ৷ আনহাতে কাঠফলা মেচিনটোও ব্যক্তিজনে লুকুৱাই ৰাখে যদিও মেচিনটোৰ কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে আৰছুৱে নিশা চোৰাং কাঠখিনি জব্দ কৰাৰ পিচত কাঠখিন চমজাই দিবলৈ বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসক কেইবাবাৰো ফোন কৰাৰ পিচতো ৰেঞ্জাৰ গৰাকীয়ে ফোন ৰিচিভ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে ৷ কাঠ জব্দ কৰা ঠাইখিনি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ এলেকা হয় যদিও ৰেঞ্জাৰে ফোন ৰিচিভ নকৰাৰ বাবে অৱশেষত ৰাভা ছাত্ৰ সন্থাই কুলশীৰ ৰেঞ্জাৰক ফোন কৰিবলৈ বাধ্য হয় ৷ শুকুৰবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ জব্দকৃত কাঠখিনি চমজি লয় কুলশী ৰেঞ্জাৰ গৰাকীয়ে ৷

চোৰাং কাঠৰ বিৰুদ্ধে ৰাভা ছাত্ৰ সন্থাৰ অভিযান

আৰছুৱে অভিযোগ কৰামতে উক্ত অঞ্চলৰ কেইবাঠাইতো চোৰাং কাঠৰ ব্যৱসায় চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ পৰা মাহেকত বামুণীগাঁৱৰ ৰেঞ্জাৰ কুশল দাসে ২০ হেজাৰ টকাকৈ আদায় লয় ৷ ঠিক তেনেদৰে নিশা তপন কলিতাৰ ঘৰত জব্দ কৰা কাঠখিনি চমজি ল’বলৈ ৰেঞ্জাৰ গৰাকীৰ সাহস নহ’ল বুলি অভিযোগ উত্থাপন কৰে আৰছুৱে ৷ তপন কলিতাৰ পৰাও ৰেঞ্জাৰ গৰাকীয়ে মাহেকত ২০ হেজাৰকৈ আদায় লয় বুলি আৰছুৱে অভিযোগ উত্থাপন কৰিছে ৷ নিশা জব্দ কৰা ননশাল ফলা কাঠ খিনিৰ মূল্য ৫০ হেজাৰতকৈ অধিক হ’ব বুলি বন বিভাগে জানিবলৈ দিছে ৷

লগতে পঢ়কঃ প্ৰসংগ ৰাম মন্দিৰঃ সাম্প্ৰদায়িক পষ্টৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰীয়া নাগ্ৰীজুলিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.