ETV Bharat / state

কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বন্ধ নকৰি শিক্ষকসকলক বৰ্খাস্ত কৰাৰ দাবী দল সংগঠনৰ

অসম মিঞা(অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি অধিৱক্তা এম মুক্তাৰ মণ্ডলে বিদ্যালয়খনৰ এনেধৰণৰ ফলাফলৰ বাবে বিদ্যালয়খনৰ শিক্ষকসকলক দোষাৰূপ কৰে ৷ লগতে অসম চৰকাৰে শূন্য ফলাফলৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত বাতিল কৰাৰ পৰিৱৰ্তে এনে বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকক বৰ্খাস্ত কৰিব লাগে বুলি মন্তব্য কৰে ৷

Kamrup district
মেট্ৰিক পৰীক্ষাত শূন্য উত্তীৰ্ণ কৰা বিদ্যালয়ক লৈ দল-সংগঠনৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jun 11, 2020, 3:53 PM IST

বকো, 11 জুন: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ জিলাৰ একমাত্ৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ছমৰীয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এইবাৰৰ উৰ্ত্তীণৰ হাৰ শূন্য ৷ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ছমৰীয়াৰ কস্তৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা এইবেলি ১১ গৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ এঘাৰগৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এগৰাকী শিক্ষাৰ্থীও পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱৰাত এলেকাটোত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বন্ধ নকৰি শিক্ষকসকলক বৰ্খাস্ত কৰাৰ দাবী দল সংগঠনৰ

অসম মিঞা(অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি অধিবক্তা এম মুক্তাৰ মণ্ডলে বিদ্যালয়খনৰ এনেধৰণৰ ফলাফলৰ বাবে বিদ্যালয়খনৰ শিক্ষকসকলক দোষাৰূপ কৰে ৷ লগতে অসম চৰকাৰে শূন্য ফলাফলৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত বাতিল কৰাৰ পৰিৱৰ্তে এনে বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকক বৰ্খাস্ত কৰিব লাগে বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ বাঘজান ঘটনা সন্দৰ্ভত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া

লগতে সদৌ অসম বাঙালি পৰিষদৰ কামৰূপ জিলাৰ সভাপতি সঞ্জয় সৰকাৰে বিদ্যালয়খনৰ অযোগ্য শিক্ষকসকলক বদলি কৰি যোগ্য শিক্ষক বিদ্যালয়খনত নিযুক্তি দিবলৈ দাবী জনায় ৷ যি সময়ত চৰকাৰে নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব দি কোটি কোটি টকা খৰচ কৰিছে, তেনে অৱস্থাত আবাসিক বালিকা বিদ্যালয়ৰ এনেধণৰ ফলাফলে সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ উল্লেখ্যযোগ্য যে,এই আবাসিক বিদ্যালয়খনৰ পৰা পোন প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু বিদ্যালয়খনত ১১ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা প্ৰদান কৰিছিল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.