ETV Bharat / state

বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভেকোঁভাওনা - বিশুদ্ধ খোৱাপানী যোগানৰ নামত ভেকোঁভাওনা

নিতৌ নহয়, দুই-তিনি মাহৰ মূৰত এদিনহে বিশুদ্ধ খোৱাপানী লাভ কৰে ছয়গাঁৱৰ দগাঁওবাসীয়ে ৷ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিত অতিষ্ঠ স্থানীয় ৰাইজ ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভেকোঁভাওনা
author img

By

Published : May 21, 2019, 12:30 PM IST

ছয়গাঁও, 21 মে' : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলৰ অধীনস্থ ছয়গাঁৱৰ দগাঁও কটহী পানী যোগান আঁচনি ৷ কেৱল নামতহে আছে ছয়গাঁৱৰ দগাঁও কটহী এই পানী যোগান আঁচনি ৷ কিয়নো ইয়াৰ পৰা ৰাইজে নিতৌ পানী লাভ কৰাটো দূৰৈৰে কথা, দুই-তিনি মাহৰ মূৰত এদিনহে লাভ কৰে বিশুদ্ধ খোৱাপানী ৷ পানী যোগান কেন্দ্ৰটোৰ বৰ্তমানৰ শোচনীয় অৱস্থাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ তথ্য অনুসৰি, 2017 চনত হোৱা প্ৰৱল বানপানীৰ সময়ত পানীযোগান কেন্দ্ৰটোৰ টেংকীটো তললৈ বহি যোৱাৰ লগতে প্ৰায়বোৰ পানীৰ টেপৰ লগতে পাইপ লাইনবোৰো ভাগি গৈছিল ৷ প্ৰায় দুবছৰ পাচত অৰ্থাৎ তিনিমাহ পূৰ্বে কিছু পাইপলাইনৰ মেৰামতি কৰাৰ লগতে স্থাপন কৰা হৈছিল কেইবাটাও টেপ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভেকোঁভাওনা

কিন্তু আজি তিনিমাহ উকলি যোৱাৰ পাচতো টেপকেইটা পকী কৰি নিদিয়াৰ ফলত টেপৰ পাইপ ভাগি যাবলৈ ধৰিছে ৷ ইফালে বিগত দুবছৰে তললৈ বহি যোৱা টেংকীটোও মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ ইপিনে স্থানীয় ৰাইজে অভিযোগ কৰামতে পানীযোগান কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰীজনক কেন্দ্ৰটো কেতিয়া ভাল হ'ব বুলি সুধিলে কোনো সুদুত্তৰ নিদিয়ে কৰ্মচাৰীসকলে ৷ সেয়েহে বিভাগীয় কৰ্মাচাৰীৰ কাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজে অতিশীঘ্ৰে পানীযোগান কেন্দ্ৰটো সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে ৷

public health and engineering department's fail to distrubute water at chaigaon 

বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভেকোঁভাওনা

নিতৌ নহয়, দুই-তিনি মাহৰ মূৰত এদিনহে বিশুদ্ধ খোৱাপানী লাভ কৰে ছয়গাঁৱৰ দগাঁওবাসীয়ে ৷ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিত অতিষ্ঠ স্থানীয় ৰাইজ ৷ 

ছয়গাঁও, 21 মে' : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলৰ অধীনস্থ ছয়গাঁৱৰ দগাঁও কটহী পানী যোগান আঁচনি ৷ কেৱল নামতহে আছে ছয়গাঁৱৰ দগাঁও কটহী এই পানী যোগান আঁচনি ৷ কিয়নো ইয়াৰ পৰা ৰাইজে নিতৌ পানী লাভ কৰাটো দূৰৈৰে কথা, দুই-তিনি মাহৰ মূৰত এদিনহে লাভ কৰে বিশুদ্ধ খোৱাপানী ৷ পানী যোগান কেন্দ্ৰটোৰ বৰ্তমানৰ শোচনীয় অৱস্থাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ তথ্য অনুসৰি 2017 চনত হোৱা প্ৰৱল বানপানীৰ সময়ত পানীযোগান কেন্দ্ৰটোৰ টেংকীটো তললৈ বহি যোৱাৰ লগতে প্ৰায়বোৰ পানীৰ টেপৰ লগতে পাইপ লাইনবোৰো ভাগি গৈছিল ৷ প্ৰায় দুবছৰ পাচত অৰ্থাৎ তিনিমাহ পূৰ্বে কিছু পাইপলাইনৰ মেৰামতি কৰাৰ লগতে কেইবাটাও টেপ বহুওৱা হৈছিল ৷ কিন্তু আজি তিনিমাহ উকলি যোৱাৰ পাচতো টেপকেইটা পকী কৰি নিদিয়াৰ ফলত টেপৰ পাইপ ভাগি যাবলৈ ধৰিছে ৷ ইফালে বিগত দুবছৰে তললৈ বহি যোৱা টেংকীটোও মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ ইপিনে স্থানীয় ৰাইজে অভিযোগ কৰামতে পানীযোগান কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰীজনক কেন্দ্ৰটো কেতিয়া ভাল হ'ব বুলি সুধিলে কোনো সুদুত্তৰ নিদিয়ে কৰ্মচাৰীসকলে ৷ সেয়েহে বিভাগীয় কৰ্মাচাৰীৰ কাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজে অতিশীঘ্ৰে পানীযোগান কেন্দ্ৰটো সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.