বকো, ১৯ মে': অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক তথা নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত তীব্ৰ চাঞ্চল্য । এই ঘটনাক লৈ শুকুৰবাৰে বকোত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী (Protest demanding probe into Jonmani Rabha murder) ।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাভা জাতীয় মহিলা পৰিষদ, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ লগতে স্থানীয় ৰাইজে । বকোৰ কেন্দুগুৰিৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এই প্ৰতিবাদী সমদল উলিয়াই ‘‘অসম চৰকাৰ মূৰ্দাবাদ’’, ‘‘নগাঁও আৰক্ষী মুৰ্দাবাদ’’, ‘‘এছ আই জোনমণি ৰাভাৰ হত্যাকাৰীক অতিশীঘ্ৰে কৰায়ত্ত কৰক’’, ‘‘লীনা দলে গ্ৰেপ্তাৰ কৰক’’ আদি শ্ল'গানৰে উত্তাল কৰি তোলে পৰিৱেশ (Protest in Boko) ।
বকো ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত আৰু বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ নাথৰ উপস্থিতিত বকো ৰাজহ চক্ৰৰ বিষয়া দিৱস বৰদলৈৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে (CID investigation of Junmoni Rabha accident) ।
স্মাৰক পত্ৰৰ জৰিয়তে ৰাভা ছাত্ৰ সন্থাই তিনিটা দাবী পূৰণৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ৷ এই তিনিটা দাবী হৈছে, জোনমণি ৰাভাৰ হত্যাৰ তদন্ত চি বি আইক প্ৰদান কৰিব লাগে, দোষীক কৰায়ত্ব কৰি আইনীভাৱে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু জোনমণি ৰাভাৰ পৰিয়ালক এককালীনভাৱে এক কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে পৰিয়ালটোক চৰকাৰীভাৱে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে (Junmoni Rabha Accident Case) ।
নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰদীপ ৰাভাই নিজৰ ভাষণত কয় যে, ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে এই পথ দুৰ্ঘটনাতো যে এটা পৰিকল্পিত হত্যাকাণ্ড জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে এই কাণ্ডৰ তদন্ত চি আই ডিক অৰ্পণ কৰিছে (Junmoni Rabha mysterious death) ।
কিন্তু যিহেতু চি আই ডি অসম চৰকাৰৰে এটা বিভাগ, গতিকে ৰাভা ছাত্ৰ সন্থাই এই তদন্তৰ ক্ষেত্ৰত আঁসোৱাহ ৰ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে । গতিকে এই তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে চি বি আইক অৰ্পণ কৰিব লাগে বুলি আহ্বান জনায় ।
প্ৰদীপ ৰাভাই লগতে কয় যে, ইতিমধ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে যে এই পৰিকল্পিত হত্যাকাণ্ডৰ আঁৰত নকল সোণ আৰু নকল টকাৰ ব্যৱসায় কৰি থকা এটা চক্ৰ জড়িত হৈ আছে ৷ গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ঘটনাক গুৰুত্ব সহকাৰে লৈ অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে তেওঁলোকে ।
লগতে পঢ়ক: People from Assam thrashed: অৰুণাচল প্ৰদেশৰ চৌখামত অসমৰ লোকক প্ৰহাৰ দুৰ্বৃত্তৰ