ৰঙিয়া,3 অক্টোবৰ : ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত শনিবাৰৰ দিনটোত প্ৰতিবাদমুখৰ হৈ পৰে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ নেমছুৰ সদস্যসকল ৷ সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৰঙিয়াৰ ঢেপাৰগাঁৱত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে চৰকাৰ বিৰোধী ভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে দাবী কৰা অনুসৰি, ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাব ধৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ শীঘ্ৰে এই মূল্য নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছে নেমছুৰ কৰ্মকৰ্তাসকলে ৷
লগতে চাওকঃ জালান চাহ বাগিছাত আটছাৰ প্ৰতিবাদ