বকো,14 ডিচেম্বৰ : বকো সমষ্টিৰ অসম গণ পৰিষদ দলে শনিবাৰে নিজৰ কাৰ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক সংবাদ মেলৰ আয়োজন কৰে ৷ বকোৰ অগপ দলৰ সভাপতি পৰাণ জ্যোতি দাসৰ মন্তব্য অগপ দল বকো কমিতি সদায় জনসাধাৰণৰ লগত থাকিব আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমান হৈ থকা আন্দোলনত সহযোগ কৰিব ৷ সংবাদ মেলখনত বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসৰ মন্তব্য অসমৰ ৰাইজে কৰা স্বত:ফূৰ্ত আন্দোলনৰ বিৰোধ নকৰে তেওঁ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজৰ লগত থিয় দিব তেওঁ ৷
আৰু পঢ়ক : হায়দৰাবাদত কে(এ)এৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ