গুৱাহাটী, 12 আগষ্ট: গুৱাহাটীৰ অভিজাত হাস্পতালত ভুল চিকিৎসাৰ বলি হৈ এগৰাকী ৫ মহীয়া অন্তসত্বা মহিলাৰ মৃত্যু , যাক লৈ ক্ষুব্ধ হৈ পৰে মৃতকৰ পৰিয়ালৰ লোক ৷
মঙলদৈ নিবাসী দিলীপ বৰাৰ নিজ পত্নী টুটুমা ডেকাক শুকুৰবাৰে আঠগাঁও স্থিত মাৰৱাৰী হাস্পতালত পেটৰ বিষ হোৱা বাবে ভৰ্তি কৰোৱা হৈছিল । ভৰ্তি কৰোৱাৰ পিছৰ পৰাই চিকিৎসকে গেষ্ট্ৰিক হোৱা বুলি চিকিৎসা কৰি আহিছিল মহিলাগৰাকীক ৷ পৰিয়ালবৰ্গই চিকিৎসকক অৱগত কৰিছিল যে মহিলাগৰাকী অন্তসত্বা, সেই গতিকে পেটৰ বিষ কিয় হৈছে তাৰ বাবে আল্ট্ৰাচাউণ্ড কৰাৰ অনুৰোধ কৰিছিল যদিও আলট্ৰাচাউণ্ড নকৰাৰ সিদ্ধান্ত লৈছিল চিকিৎসকে ৷ অৱশেষত পেটৰ বিষত ছটফটাই দেওবাৰে হঠাৎ মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে ৷
চিকিৎসকৰ অৱহেলাৰ বাবেই অন্তসত্বা মহিলা গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ দীপক কলিতা নামৰ এজন চিকিৎসকে মহিলাগৰাকীৰ চিকিৎসা কৰিছিল ৷ ইমানটো ক্ষান্ত নহৈ আজি মৃত্যুৰ পিছত হাস্পতাল কৰ্তৃপক্ষই মহিলা গৰাকীক জৰুৰীকালীন কক্ষত ভৰ্তি কৰায় আৰু পৰিয়ালৰ লোকক ঔষধ আনিবলৈ নিৰ্দেশ দিয়ে ৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰে মৃতকৰ পৰিয়ালবৰ্গ ৷ উল্লেখ্য যে, 8 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল টুটুমা ডেকা ৷