ETV Bharat / state

Rangia dead body recover case update: মাতৃ-কন্যাৰ মৃত্যুৰ সবিশেষ

author img

By

Published : Aug 15, 2023, 3:50 PM IST

প্ৰবীণ আগৰৱালাক গ্ৰেপ্তাৰ কৰাৰ পিচতেই প্ৰতিমূহুৰ্ততে সলনি হৈছে ৰঙিয়াৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ দৃশ্যপট ৷ পত্নী-কন্যাৰ মৃত্যুৰ পিচত মৃতদেহৰ ওপৰত চাদৰ ঢাকি মৃতদেহৰ লগত একেটা কোঠাতে আছিল প্ৰবীণ আগৰৱালা । তিনিদিন ধৰি বিলাহী খাইছিল প্ৰবীণ আগৰৱালাই ।

Rangia dead body recover case update
মাতৃ-কন্যাৰ মৃত্যুৰ সবিশেষ
মাতৃ-কন্যাৰ মৃত্যুৰ সবিশেষ

ৰঙিয়া, 15 আগষ্ট : ৰঙিয়াত মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সঘনাই লৈছে নতুন মোৰ ৷ সোমবাৰে বিয়লি চাপৰমুখৰ পৰা পলাতক ঘৰৰ মুৰব্বী তথা স্বামী, পিতৃ প্ৰবীণ আগৰৱালাক গ্ৰেপ্তাৰ কৰাৰ পিচতেই প্ৰতিমূহুৰ্ততে সলনি হৈছে ঘটনাৰ দৃশ্যপট ৷ এই ঘটনাক তিনিওৰে পৰিকল্পিত আত্মহত্যাৰ ঘটনা বুলি সদৰী কৰিছে প্ৰবীণ আগৱৰালাই ৷

CRIME PETROL ৰ দৰে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰিছে আত্মীয়ই । তিনিদিন ধৰি মৃতদেহৰ সৈতে সহৱস্থান কৰি আছিল প্ৰবীণ আগৰৱালাই । প্ৰবীণে প্ৰথমতে নিগনি মৰা বিহ পান কৰাইছিল পত্নী-কন্যাক । তাৰ পাচতো মৃত্যু নোহোৱাত ডিঙিত চিপ লগাইছিল তিনিওজনে । ইয়াৰ পাচতে মৃত্যু হৈছিল পত্নী নিশা আগৰৱালা (পিনু)আৰু জীয়ৰী কণিকা আগৰৱালাৰ ।

পৰৱৰ্তী সময়ত প্ৰবীণ আগৰৱালাই নিজেও চলাইছিল আত্মহত্যাৰ চেষ্টা । সোমবাৰে পুৱা তেওঁলোকৰ বাসগৃহৰ পৰা অৰ্ধগলিত অৱস্থাত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ৰে পৰা পলাতক হৈ আছিল প্ৰবীণ আগৰৱালা ৷ আগৰলাৱাই কোৱা অনুসৰি, ৰঙিয়াৰ পৰা নগাঁৱৰ চাপৰমুখলৈ গৈ চাপৰমুখতো আত্মহত্যাৰ চেষ্টা চলাই প্ৰবীণ আগৰৱালাই । ৰঙিয়া শিৱ মন্দিৰৰ সমীপত প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন আছে । দিনে দিনে খালী হৈ আহিছিল প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান । এক প্ৰকাৰ ধাৰত পোত গৈ দেওলীয়া হৈছিল পৰিয়ালটো ।

পত্নী-কন্যাৰ মৃত্যুৰ পিচত মৃতদেহৰ ওপৰত চাদৰ ঢাকি মৃতদেহৰ লগত একেটা কোঠাতে আছিল প্ৰবীণ আগৰৱালা । তিনিদিন ধৰি বিলাহী খাইছিল প্ৰবীণ আগৰৱালাই । সোমবাৰে নিশাই ফ'ৰেনচিকৰ দলে তন্ন তন্ন কৈ পৰীক্ষা কৰিছে ঘটনাস্থলী ।

ইয়াৰ পিচতে অভিযুক্ত প্ৰবীণ আগৰৱালাৰ শাস্তিৰ দাবী উত্থাপন কৰে একাংশ লোকে । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী মাৰোৱাৰী সমাজৰ একাংশই দাবী উত্থাপন কৰে ।

ইপিনে মঙলবাৰে ৰঙিয়া থানাত হাজিৰ কৰোৱা হৈছে প্ৰবীণ আগৰৱালাক । ৰঙিয়াত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে প্ৰবীণক । বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিচতে ৰঙিয়া আৰক্ষীয়ে তদন্তৰ বাবে জিম্মাত বিচাৰিব অভিযুক্ত প্ৰবীণ আগৰৱালাক । প্ৰবীণ আগৰৱালাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তেওঁৰ পত্নীৰ আত্মীয়ই । ভাৰতীয় দণ্ডবিধি আইনৰ 461/23 U/S 302/201 IPC নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে প্ৰবীণ আগৰৱালাৰ বিৰুদ্ধে ।

লগতে পঢ়ক: Rangia dead body recover case: মাতৃ-কন্যাৰ মৃত্যুক পৰিকল্পিত আত্মহত্যা বুলি সদৰী ধৃত প্ৰবীণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.