ETV Bharat / state

পৰ্যটকৰ বাবে বকোত মুকলি হ'ল পিকিৰা ইক' কেম্প - Pikira Eco Camp is open

পোন প্ৰথমবাৰৰ বাবে পাহাৰ নৈ নিজৰাৰ মাজত পৰ্যটকক আকৰ্ষণ কৰিবলৈ বকোত মুকলি হ'ল পিকিৰা ইক' কেম্প ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পূবফালে প্ৰায় ১২ কিলোমিটাৰ দূৰত থকা গোহালকোনা গাঁও খনত পৰ্যটকক আপ্যায়ন কৰি আৰ্থিক ভাৱে টনকিয়াল হ'বলৈ গাঁওবাসীয়ে নিৰ্মাণ কৰিলে ইক' কেম্পটো ৷

Pikira Eco Camp is open to tourists in Boko
পৰ্যটকৰ বাবে বকোত মুকলি হ'ল পিকিৰা ইক' কেম্প
author img

By

Published : Dec 28, 2020, 12:06 PM IST

Updated : Dec 28, 2020, 12:14 PM IST

বকো,28 ডিচেম্বৰ: মহামাৰী কৰ'ণাৰ বাবে ৰাজ্যৰ পৰ্যতন ক্ষেত্ৰখন বিশেষ ভাৱে প্ৰভাৱিত হোৱাৰ পাচতে এইবাৰ গাঁৱৰ মানুহে পৰ্যটকক আপ্যায়ন কৰি আৰ্থিক ভাৱে টনকিয়াল হ'বলৈ আগবাঢ়ি আহিছে ৷ পাহাৰ,নৈ,নিজৰা আদিৰে ভৰপূৰ বকোৰ গোহালকোনা গাঁৱত পোন প্ৰথমবাৰৰ বাবে পাহাৰ নৈ নিজৰাৰ মাজত পৰ্যটকক আকৰ্ষণ কৰিবলৈ স্থাপন কৰিছে এটা ইক' কেম্প ৷ কামৰূপ জিলাৰ বকোৰ পৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পূবফালে প্ৰায় ১২ কিলোমিটাৰ দূৰত থকা গোহালকোনা গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৷

পৰ্যটকৰ বাবে বকোত মুকলি হ'ল পিকিৰা ইক' কেম্প

সেইবাবে গাঁওখনৰ ৰাইজে পাহাৰ নৈ নিজৰাৰ সৈতে ৰাতিটো কটাবলৈ ব্যৱস্থা কৰিছে টেন্টৰ ৷ পিকিৰা ইক' কেম্প নামেৰে স্থাপন কৰা এই কেম্পৰ দায়িত্ব লৈছে গাঁৱৰ ৰাইজে ৷ মাত্ৰ তিনিদিন পূৰ্বে আৰম্ভ কৰা এই কেম্পটোলৈ ইতিমধ্যে পৰ্যটক অহা আৰম্ভ কৰিছে । ছ'চিয়েল মিডিয়া যোগে ইক' কেম্পটোৰ প্ৰচাৰ চলাবলৈ কেম্প কমিটীয়ে 'ইক কেম্প বকো' নামেৰে এটা ফেচবুক পেজ খুলিছে ৷

লগতে পঢ়ক: এপিএছচি পৰীক্ষাত উজ্বলিল কৰিমগঞ্জৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক

Last Updated : Dec 28, 2020, 12:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.