পলাশবাৰী, 5 অক্টোবৰঃ পলাশবাৰীত চৰকাৰী আঁচনিৰ নামত চলিছে ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সমষ্টিটোৰ অন্তৰ্গত ৰামপুৰ গাঁও পঞ্চায়তৰ অধীনৰ ৯ নম্বৰ ৱাৰ্ডৰ খিদিৰীপুখুৰী কৈৱৰ্তপাৰাৰ দৰা বিলৰ মাজত নিৰ্মাণ কৰা হৈছে কেবাটাও শৌচাগাৰ । বছৰৰ আধাতকৈও বেছি দিন পানীৰ মাজত ওপঙি থাকে 10 লাখ টকীয়া ৰাজহুৱা এই শৌচগাৰসমূহ । নিৰ্মাণ হ'ল যদিও ৰাইজে ব্যৱহাৰ কৰিব পৰা নাই শৌচগাৰসমূহ । কাৰণ শৌচাগাৰ নিৰ্মাণ হোৱা স্থানলৈ যাবলৈ নাই কোনো ধৰণৰ পথ । যাৰ পৰিণতিত শৌচাগাৰ থকাৰ পিছতো উপায়হীন হৈ মুকলি ঠাইতে মলত্যাগ কৰিব লগা হৈছে ৰাইজে ।
লগতে পঢ়কঃ SI কেলেংকাৰীৰ তদন্ত চিবিআইক দিয়াটো সমৰ্থন নকৰে ৰিপুন বৰাই
উল্লেখ্য যে, ৰামপুৰ পঞ্চায়তৰ সদস্যসকলে উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ লগতে অঞ্চলটোৰ ঠায়ে ঠায়ে বিভিন্ন বেনাৰ-পোষ্টাৰ আৰা পৰিলক্ষিত হৈছে । কিন্তু প্ৰকৃততে পঞ্চায়ত এলেকাৰ গাঁও সমূহত পঞ্চায়তৰ প্ৰতিনিধিবোৰে জনসাধাৰণৰ বাবে কেনে ধৰণৰ উন্নয়নৰ কাম কৰি আছে সেয়া এই সময়ত এক বৃহৎ প্ৰশ্ন।