আজাৰা, 22 আগষ্ট : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী । এই নিৰ্বাচনক লৈ ইতিমধ্যে টঙালি বান্ধিছে ৰাজনৈতিক দলৰ লগতে নেতাসকলো ৷ পলাশবাৰী বিধানসভা সমষ্টিটো বলিছে নিৰ্বাচনী বতাহ । বৰ্তমান পলাশবাৰীত আছে বিজেপিৰ বিধায়ক প্ৰণৱ কলিতা । কিন্তু বৰ্তমানৰ বিজেপি বিধায়ক প্ৰনৱ কলিতাৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি আজি কিছুদিনৰ পৰা পলাশবাৰী বিধানসভাৰ চকীখনৰ ওপৰত চকু কিছুসংখ্যক সমষ্টিৰ বাহিৰৰ বিজেপি কৰ্মীৰ । সংবাদ মাধ্যমে হওঁক বা বিভিন্ন সামাজিক মাধ্যমতে হওঁক ইতিমধ্যে প্ৰচাৰ হৈ আছে কোন হ'ব আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী !
কিন্তু ইয়াক লৈ কোনো আক্ষেপ নাই প্ৰনৱ কলিতাৰ, কিয়নো কলিতাৰ মতে, নিৰ্বাচনৰ পূৰ্বে এনে ধৰনৰ কথা ওলাইয়েই । এইবাৰো বিজেপিৰ পৰাই টিকট লাভ কৰিব বুলি দৃঢ়বিশ্বাসী প্ৰনৱ কলিতা । নিৰ্বাচনৰ বাবে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা লোৱাৰ লগতে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি মন্তব্য কৰে প্ৰনৱ কলিতাই ।
আনহাতে ৰাইজৰ হকে বিগত দিনকেইটাত কোনো কাম নকৰাৰ অভিযোগ উত্থাপন হৈ অহা বিধায়কজনক কি হিচাপে ৰাইজে জয়ী কৰাব সেয়া সময়তহে লক্ষণ হ‘ব ৷
লগতে পঢ়ক :গণেশ চতুৰ্থী : মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি