ETV Bharat / state

পৰীক্ষাত অৱৰ্তীণ হোৱাৰ পৰা বঞ্চিত ৰঙিয়াৰ অক্সফ'ৰ্ড একাডেমিৰ শিক্ষাৰ্থী

author img

By

Published : May 7, 2022, 1:40 PM IST

শিক্ষাৰ্থীৰ জীৱনক হৈ হেতালি খেলাৰ অভিযোগ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে ৷ কিয়নো এডমিট কাৰ্ডৰ নামত মাচুল সংগ্ৰহ কৰি শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীক এডমিট কাৰ্ড নিদিয়াৰ এক অভিযোগ উত্থাপন হৈছে (Oxford Academy of Rangia accused of not giving admit card to students) ৷

Oxford Academy of Rangia
শিক্ষাৰ্থীৰ জীৱনক হৈ হেতালি খেলাৰ অভিযোগ ৰঙিয়াৰ অক্সফ'ৰ্ড একাডেমিৰ বিৰুদ্ধে

ৰঙিয়া, 7 মে’ : ৰঙিয়াৰ অক্সফ'ৰ্ড একাডেমি (Oxford Academy of Rangia) নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতি । কিয়নো শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ৷ সময়মতে আৰম্ভ হৈছে পৰীক্ষা ৷ কিন্তু সময় মতে ৰঙিয়াৰ অক্সফ'ৰ্ড একাডেমিৰ শিক্ষাৰ্থীয়েহে নাপালে পৰীক্ষাৰ এডমিট কাৰ্ড ৷

ভুক্তভোগী শিক্ষাৰ্থীসকলৰ অভিযোগ, অক্সফ'ৰ্ড একাডেমিৰ কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই বিপাঙত পৰিছে এতিয়া শিক্ষাৰ্থীসকল ৷ কেৱল এয়াই নহয়, আনকি শিক্ষাৰ্থীসকলে প্ৰথম বাৰ্ষিকৰ পৰীক্ষা দিয়াৰ পৰাও বঞ্চিত হ’ব লগা হ’ল । শিক্ষাৰ্থী সকলৰ অভিযোগ, শিক্ষানুষ্ঠানখনৰ একাংশ দায়িত্বহীন কৰ্মচাৰীৰ বাবেই প্ৰায় 30 গৰাকী শিক্ষাৰ্থীৰ এটা শৈক্ষিক বৰ্ষ লোকচান হোৱাৰ উপক্ৰম হৈছে (Oxford Academy of Rangia accused of not giving admit card to students) ৷

উপায়ন্তৰ হৈ ভুক্তভোগী শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক উপযুক্ত ব্যৱস্থা কৰি তেওঁলোকক পৰীক্ষাৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় । অক্সফ'ৰ্ড একাডেমিৰ ভুক্তভোগী শিক্ষাৰ্থীসকলে অভিযোগ কৰা অনুসৰি, এই সন্দভৰ্ত ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলে একেডেমিখনৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব বিচাৰিছিল ৷

কিন্তু তাতে বিফল হ’ল শিক্ষাৰ্থীসকল । আনকি শিক্ষানুষ্ঠানত এই সন্দৰ্ভত নাই কোনো তথ্য ৷ তথ্যৰ বিপৰীতে শিক্ষাৰ্থীসকলে অক্সফ'ৰ্ড একাডেমিৰ গেটত তলা ওলমি থকাহে পৰিস্ফূট হ’ল ।

উপায়ন্তৰ হৈ শিক্ষাৰ্থীসকলে ন্যায় বিচাৰি কাষ চাপে আৰক্ষীৰ ৷ ৰঙিয়া থানাত উপস্থিত হৈ এই সন্দৰ্ভত ভুক্তভোগী শিক্ষাৰ্থীসকলে দাখিল কৰে এক এজাহাৰ ৷

লগতে পঢ়ক : ১৫ আগষ্টৰ পৰা নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পই দিব শক্তি : নীৰৱ দল-সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.