ETV Bharat / state

ৰঙিয়াত আবকাৰী বিষয়াৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ

author img

By

Published : Aug 7, 2021, 10:44 PM IST

ৰঙিয়াত আবকাৰী বিষয়াৰ বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক ৷ অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে আবকাৰী বিষয়াগৰাকীৰ ৷

One Person Dead By Road Accident At Rangia
ৰঙিয়াত আবকাৰী বিষয়াৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজন লোকৰ

ৰঙিয়া, 7 আগষ্ট : ৰঙিয়া (Rangia)ত শনিবাৰে সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ আবকাৰী বিষয়াৰ বাহনে মহতিয়ালে মানসিক বিকাৰগ্ৰস্ত লোকক । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ উৰণীয়া সেঁতুৰ সমীপতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো ।

দুৰ্ঘটনাটোত থিতাতে নিহত এজন মানসিক বিকাৰগ্ৰস্থ লোক । ইফালে দুৰ্ঘটনা সংঘটিত কৰি পথৰ দাঁতিত বাগৰি পৰে বলেৰ’ বাহনখন। অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰে প্ৰশান্ত গগৈ নামৰ আবকাৰী বিষয়াগৰাকী ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আবকাৰী বিষয়া প্ৰশান্ত গগৈয়ে মদ্যপান কৰি দ্ৰুতগতিত বাহনখন চলাই আহিছিল ৷ ফলত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনাটো।

বৰ্তমান নিহত লোকজনৰ পৰিচয় ওলোৱা নাই যদিও পথত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্থ কোনো লোক বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথত । দূৰ্ঘটনাগ্ৰস্ত বাহনখন পাঠশালাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ।

উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক - খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.