বকো, 27 জুলাইঃ গোৱালপাৰা জিলাৰ ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত হয় আন এজন লোক ৷
সোমবাৰে কাহিলী পুৱাতেই গোৱালপাৰাৰ ৰংজুলিৰ পৰিদৰ্শন বঙলাৰ সমীপত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত তিনিখন ট্ৰাকৰ মাজত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । উক্ত দুৰ্ঘটনাত মিণ্টু আলী (২৭)নামৰ চালকজন থিতাতে নিহত হোৱাৰ বিপৰীতে আনন্দ ৰাজ (২৯) নামৰ আন এজন চালক গুৰুতৰ ভাৱে আহত হয়। নিহত মিণ্টু আলীৰ ঘৰ কৃষ্ণাইৰ পাইকানত বুলি জানিবলৈ পোৱা গৈছে। আনহাতে আহত আনন্দ ৰাজৰ ঘৰ তামিলনাডুত ।
মিণ্টু আলীয়ে AS-25-EC-3373 নম্বৰৰ ৰন্ধন গেছৰ ট্ৰাক খন গুৱাহাটী অভিমুখে আহি আহিছিল আৰু AS-25BC-0196 নম্বৰৰ আন এখন ৰন্ধন গেছৰ ট্ৰাকো একেলগে আহি আছিল । গাড়ী দুখন ৰংজুলিৰ পৰিদৰ্শন বঙলাৰ সন্মুখত ৰখাই গাড়ীৰ পৰা নামোতেই পিছ ফালৰ পৰা MH-04HY-9775 নম্বৰৰ মালবাহী ট্ৰাক (কণ্টেইনাৰ) এখনে ৰখাই থোৱা গাড়ী দুখনত খুন্দা মাৰে ৷ ফলত মিণ্টু আলীক দুখন গাড়ীয়ে চেপি ধৰে আৰু থিতাতে নিহত হয় মিণ্টু আলী। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী খনৰ চালক গুৰুতৰ ভাৱে আহত হয়। আহত চালকজনক ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক- ডুমডুমাত কৰ'ণাক্ৰান্ত মহিলাৰ মৃত্যু