ETV Bharat / state

ছয়গাঁৱত পথ দুৰ্ঘটনাত নিহত এক

author img

By

Published : Jun 2, 2021, 1:43 PM IST

ছয়গাঁৱৰ বামুণীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰিল মাছ কঢ়িওৱা বাহন ৷ থিতাতে নিহত এজন ৷

one dead in a accident chaigaon kamrup assam etv bharat news
পথ দুৰ্ঘটনা

ছয়গাঁও,2 জুন: ছয়গাঁৱৰ বামুণীগাঁৱত বুধবাৰে পুৱতি নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে মাছ কঢ়িওৱা এখন বাহন ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক ৷ দুৰ্ঘটনাটোত বটদ্ৰৱাৰ দুনিয়াভিঠা পথাৰৰ মিজামুল ইছলাম নিহত হোৱাৰ বিপৰীতে উক্ত গাঁৱৰে আছাদুল হক নামৰ লোকজন গুৰুতৰভাৱে আহত হয় ৷

one dead in a accident chaigaon kamrup assam etv bharat news
মাছ কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত

প্ৰাপ্ত তথ্য অনুসৰি, নগাঁৱৰ বটদ্ৰৱাৰ পৰা অহা এ এছ ০২ চিচি ৫৩৮৫ নম্বৰৰ বাহনখনে গোৱালপাৰাৰ কৃষ্ণাইলৈ মাছ কঢ়িয়াই গৈ আছিল ৷ পুৱতি নিশা প্ৰায় চাৰি বজাত ছয়গাঁও থানাৰ অন্তৰ্গত বামুণীগাঁৱত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ সমীপৰ এটি খাৱৈত বাগৰি পৰে ৷ উক্ত বাহনখনত চালকসহ পাঁচজন লোক আছিল যদিও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে চালকজনে পলায়ন কৰে ৷ উল্লেখ্য যে, বাহনখনত পাঁচ কুইণ্টল মাছ আছিল ৷

লগতে চাওকঃ ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.