গুৱাহাটী, 19 জুনঃ অতীত হোৱাৰ পথত শৰাইঘাট দলঙৰ ভয়াবহ যান-জঁট । মাজত মাঠো কেইঘন্টামান বাকী । ২০ জুনত সম্পূৰ্ণ হ'ব শৰাইঘাটৰ পুনৰ নিৰ্মাণ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান্ধি দিয়া সময় মতেই ৰে'ল বিভাগে সম্পূৰ্ণ কৰিলে মেৰামতি । ১৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা শৰাইঘাট দলঙত প্ৰথম বাৰৰ বাবে বৃহৎ মেৰামতি । ৩ মাহৰ বাবে বন্ধ আছিল দলঙৰ ওপৰেদি আহ-যাহ । দৈনিক ৪৫০ শ্ৰমিকে কাম কৰিছিল দলঙত । ৫৪ খন শ্লেপ নতুনকৈ নিৰ্মান । পুনৰ নিৰ্মাণত দলঙখনত ব্যৱহাৰ হৈছে নতুন টে'কনলজী ৷ বিগত ২৩ মাৰ্চৰ পৰা দলঙখনৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল বুলি মন্তব্য কৰে পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই ৷
অতীত হ'ব শৰাইঘাটৰ যান-জঁট ! - assam news
৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা শৰাইঘাট দলঙত প্ৰথম বাৰৰ বাবে বৃহৎ মেৰামতি । ৩ মাহৰ বাবে বন্ধ আছিল দলঙৰ ওপৰেদি আহ যাহ । দৈনিক ৪৫০ শ্ৰমিকে কাম কৰিছিল দলঙত ।