ৰঙিয়া, 4 ডিচেম্বৰ : ক'ভিড-19 ৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে যাতে ঘৰতে বহি সকলো অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়াত আনুষ্ঠানিকভাৱে মুকলি হʼল 'ONLINE GROSON APP' ৷ এই এপটোৰ দ্বাৰা ৰাইজে অনলাইন যোগে ঘৰতেই ক্ৰয় কৰিব পাৰিব সেউজীয়া শাক-পাচলি, ফলমূল, মাছ-মাংস সকলো ।
এই অনলাইন দোকানখনত গ্ৰাহকৰ বাবে থাকিব বিশেষ সুবিধা । ক্ৰয় কৰা খাদ্য সামগ্ৰী যদি গ্ৰাহকৰ অপচন্দৰ হয়, তেন্তে সামগ্ৰীখিনি উভতাই দিয়া আৰু পইচা ঘুৰাই দিয়াৰো সুবিধা ৰাখিছে স্বত্বাধিকাৰী শ্বাহনুৰ আলমে । ৰঙিয়াৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত এই সুবিধা লাভ কৰিব বুলি জানিব দিয়ে ।
প্ৰথম অৱস্থাত ৰঙিয়াত যোগান ধৰিব খাদ্য-সামগ্ৰী । পৰৱৰ্তী সময়ত ৰঙিয়াৰ লগতে অসমৰ বিভিন্ন অঞ্চলত এপছটো মুকলি কৰি অনলাইন ক্ৰয়ৰ সুবিধা উপলব্ধ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰীয়ে । লগতে, থলুৱা যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব বুলি উল্লেখ কৰে স্বত্বাধিকাৰীয়ে ৷
লগতে পঢ়ক : গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ সভাত বাধা প্ৰদান সন্দেহযুক্ত বিপিএফ সমৰ্থনকাৰীৰ