বাইহাটা,24 এপ্ৰিল: শুকুৰবাৰে নিশা উত্তৰ গুৱাহাটীৰ চিলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে নিশাৰ পহৰাদাৰী আৰক্ষী জোৱানক ৷ ফলত থিতাতে নিহত হয় উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ গৃহৰক্ষীৰ জোৱান ৰুস্তুম আলি । গুৱাহাটীৰ পৰা চাংসাৰী অভিমুখে আহি থকা দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS 25 DC 6092 ৷
![উত্তৰ গুৱাহাটীৰ পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী জোৱান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11518943_191_11518943_1619242516630.png)
প্ৰাপ্ত তথ্য অনুসৰি, নিহত ৰস্তুম আলীৰ ঘৰ হাজোৰ একাদিত । এই পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় আন দুই আৰক্ষীৰ কনিষ্টবল ক্ৰমে ৰফিকুল আলী আৰু মহচেন আলী ৷ এই দুৰ্ঘটনাত এখন ভৰি সম্পূৰ্ণৰূপে চিঙি যায় আৰক্ষী কনিষ্টবল ৰফিকুলৰ ।
![উত্তৰ গুৱাহাটীৰ পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী জোৱান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/slug-northghyaccidentonehoneguarddeadtwopoliceinjured-asc-10051_24042021095753_2404f_1619238473_509.jpg)
উল্লেখ্য যে, আহত দুই জোৱানক নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাত পতিত আটাইকেইজন আৰক্ষী জোৱান হৈছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ ৷