ETV Bharat / state

উত্তৰ পূবৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বন্ধ হোৱাৰ পথত - ৰজাদুৱাৰ

বন্ধ হৈ যাব নেকি 1969 চনতে অসম চৰকাৰৰ দ্বাৰা স্থাপন কৰা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত উত্তৰ পূব ভাৰতৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ?

উত্তৰ পূবৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বন্ধ হোৱাৰ পথত
author img

By

Published : Aug 1, 2019, 9:16 PM IST

কামৰূপ, 1 আগষ্টঃ বন্ধ হোৱাৰ পথত উত্তৰ পূব ভাৰতৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ৷ 1969 চনত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অসম চৰকাৰৰ দ্বাৰা স্থাপন কৰা একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় খনে আগ্ৰা বিশ্ব বিদ্যালয়ৰ পৰা স্বীকৃতি লাভ কৰিছিল ৷ সমান্তৰালভাৱে 2005 চনতে NCT ৰ স্বীকৃতিৰ বাবে আবেদন কৰা হৈছিল ৷ কিন্তু 2007 চনত NCT ৰ দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি পৰ্যাপ্ত শিক্ষক আৰু প্ৰয়োজনীয় শ্ৰেণী কোঠাৰ অভাৱ দেখুৱাই সেই সময়ত স্বীকৃতি সম্ভৱ নহ'ব বুলি মন্তব্য আগবঢ়াইছিল ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2012 চনত প্ৰয়োজনীয় গৃহ নিমাৰ্ণৰ কাম সম্পূৰ্ণ হৈছিল আৰু 2017 চনত মহাবিদ্যালয়খনে NCT ৰ স্বীকৃতিৰ বাবে প্ৰয়োজনীয় সংখ্যক শিক্ষকৰ পদো পূৰ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু ইমানৰ পাছতো বৰ্তমানলৈকে মহাবিদ্যালয় খনে NCT ৰ তৰফৰ পৰা কোনো ধৰণৰ স্বীকৃতি লাভ কৰা নাই ৷ আনহাতে আন্ত:গাঁথনি আৰু শৈক্ষিক মানদণ্ড উন্নত কৰাৰ আগ্ৰা বিশ্ব বিদ্যালয়ে মহাবিদ্যালয় খনলৈ বিভিন্ন সময়ত প্ৰস্তাৱ আগবঢ়াই আহিছিল যদিও এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ উল্লেখযোগ্য যে, সোণালী জয়ন্তী গৰকা হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনত প্ৰথম আৰু দ্বিতীয় বৰ্ষত বৰ্তমানেও 29 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈ আছে ৷ গতিকে এনে প্ৰেক্ষাপটত চৰম অনিশ্চয়তাত সোমাই পৰা মহাবিদ্যালয় খনৰ ক্ষেত্ৰত অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব নিশ্চিতভাৱে লক্ষণীয় ৷

Intro:Anchor: উত্তৰ পূব ভাৰতৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বন্ধ হোৱাৰ পথত
। উনত্ৰিশ গৰাকীৰ প্ৰশিক্ষাৰ্থীৰ ভবিষ্যত অন্ধকাৰ । কিন্তু কিহৰ বাবে ৰাষ্ট্ৰীয় ভাষাৰ চৰম বিপৰ্যয়।

Body:

Vo:   ৰাষ্ট্ৰ ভাষাৰ উন্নতিকল্পে   ১৯৬৯ চনতে উত্তৰ পূব ভাৰতৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় উত্তৰ গুৱাহাটী ৰজাদুৱাৰত স্থাপন কৰা হৈছিল। আৰু এই শৈক্ষিক প্ৰতিষ্ঠান খনি স্বীকৃতি প্ৰাপ্ত হৈছিল আগ্ৰা বিশ্ব বিদ্যালয়ৰ পৰা । সোনালী জয়ন্তী গৰকা হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰি ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত শিক্ষকতাৰ মহান দায়িত্ব পালন কৰিছিল । কিন্তু ৰাজ্যৰ শৈক্ষিক ইতিহাসক কলংকিত কৰি বন্ধ হবলৈ ওলাইছে শিক্ষা প্ৰতিষ্ঠানখনৰ । মহাবিদ্যালয়ৰ অদক্ষ অধ্যক্ষা ড মণিদ্বীপা বৰুৱাৰ অমনোযোগিতাত চিৰ দিনৰ বাবে ওলমিব তলা
Conclusion:
Vo: বছৰ বছৰ ধৰি অবহেলিত হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ক লৈ  চিন্তিত আগ্ৰা বিশ্ব বিদ্যালয় ।        আন্ত:গাঠণি আৰু শৈশিক মানদণ্ড উন্নত কৰাৰ প্ৰস্তাব দিছিল আগ্ৰা বিশ্ব বিদ্যালয়ে। অধ্যক্ষা মণিদ্বীপা বৰুৱালৈ আহে ইখনৰ পাছত সিখন চিঠি । যাৰ বাবে স্বীকৃতি বাতিল হ'ল ইতিহাস গৰকা মহাবিদ্যালয় খন। Byte:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.