ETV Bharat / state

সাৱধান! তেল নহয় , ডিপোত ওলাব পাৰে পানী

ঠিকেই ভাবিছে , তেল ডিপোত তেল নহয় সঁচাকৈয়ে এইবাৰ তেল ডিপোত ওলাল পানী । মিৰ্জাৰ এটা তেল ডিপোত তেল ভৰাই গাড়ীৰ ইঞ্জিন বিকল হোৱাৰ পাচতেই এতিয়া পোহৰলৈ আহিছে এই ঘটনা ।

author img

By

Published : Apr 16, 2019, 4:55 PM IST

সাৱধান! তেল নহয় , ডিপোত ওলাব পাৰে পানী

দক্ষিণ কামৰূপ,16 এপ্ৰিলঃ দক্ষিণ কামৰূপৰ মিৰ্জাৰ তেল ডিপোত ঘটিল নজিৰবিহীন ঘটনা । মিৰ্জাৰ সোনতলাস্থিত তেল ডিপোত তেলৰ বিপৰীতে ওলাল পানী । কামাখ্যা চাৰ্ভিচ চেণ্টাৰ নামৰ তেল ডিপোত পেট্ৰ'লৰ বিপৰীতে গ্ৰাহকে পালে পানী । এই অভিযোগ স্বয়ং তেল ভৰাবলৈ অহা গ্ৰাহকৰ । সোমবাৰে কাজল তালুকদাৰ নামৰ এজন গ্ৰাহকে নিজৰ AS-25-E-4852 নম্বৰৰ স্কুটি খনত তেল ভৰাই যায় যদিও নিশাৰ ভাগত হঠাৎ গাড়ীখনৰ ইঞ্জিন বন্ধ হৈ যায় আৰু মঙলবাৰে পুৱাৰ ভাগত মেকানিকৰ ওচৰত লৈ আহোতে গাড়ীখনত তেলৰ বিপৰীতে পানী ওলাই যাৰ ফলত তেলৰ নামত পানী দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এই ঘটনাই তেল ডিপোত তীব্ৰ উত্তেজনাই বিৰাজ কৰাত ঘটনাস্থলীত পলাশবাৰী আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ডিপোটোৰ দুজন কৰ্মচাৰীক সোধ-পোছৰ বাবে আৰক্ষী থানালৈ লৈ যায় ।

সাৱধান! তেল নহয় , ডিপোত ওলাব পাৰে পানী

উল্লেখ্য যে, বিগত সময়ছোৱাত দক্ষিণ কামৰূপ এই অঞ্চলত এনেধৰণৰ বহু ঘটনা ঘটি আহিছে । ভুক্তভোগী গ্ৰাহকে তেল ডিপোৰ বহু অভিযোগ বিভাগীয় কৰ্তৃপক্ষক দি আহিছিল যদিও কৰ্তৃপক্ষই এনেধৰণৰ তেল ডিপোৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

Slug:-A_Kam_Petroll_Pump_Water_811-817_vis+bite+photo_Ajay_Das

দক্ষিণ কামৰূপৰ মিৰ্জাৰ তেল ডিপোত ঘটিল নজিৰবিহীন ঘটনা । মিৰ্জাৰ সোনতলাস্থিত তেল ডিপুত তেলৰ বিপৰীতে ওলাল পানী ।

Vo..দক্ষিণ কামৰূপৰ মিৰ্জাৰ তেল ডিপোত ঘটিল নজিৰবিহীন ঘটনা । মিৰ্জাৰ সোনতলাস্থিত তেল ডিপুত তেলৰ বিপৰীতে ওলাল পানী । কামাখ্যা চাৰ্ভিচ চেণ্টাৰ নামৰ তেলডিপোত পেট্ৰলৰ বিপৰীতে গ্ৰাহকে পালে পানী । এই অভিযোগ স্বয়ং তেল ভৰাবলৈ অহা গ্ৰাহকৰ । যোৱাকালি কাজল তালুকদাৰ নামৰ এজন গ্ৰাহকে নিজৰ AS-25-E-4852 নম্বৰৰ স্কুটি গাড়ী খনত তেল ভৰাই যায় যদিও নিশাৰ ভাগত হঠাৎ গাড়ীখনৰ ইঞ্জিন বন্ধ হৈ যায় আৰু আজি পুৱাৰ ভাগত মেকানিকৰ ওচৰত লৈ আহোতে গাড়ীখনত তেলৰ বিপৰীতে পানী ওলাই যাৰ ফলত তেলৰ নামত পানী দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এই ঘটনাই তেলডিপুত তীব্ৰ উত্তেজনাই বিৰাজ কৰাত ঘটনাস্থলীত পলাশবাৰী আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ডিপোটোৰ দুজন কৰ্মচাৰীক সোধা পোছাৰ বাবে আৰক্ষী থানালৈ লৈ যায় ।
উল্লেখ্য যে বিগত সময়ছোৱাত দক্ষিণ কামৰূপ এই অঞ্চলত এনেধৰনৰ ঘটনা ঘটি আহিছে । ভুক্তভোগী গ্ৰাহকে তেল ডিপুৰ বহু অভিযোগ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি আহিছিল যদিও কৰ্তৃপক্ষই এনেধৰনৰ তেল ডিপুৰ বিৰুদ্ধে আজিলৈ একো এটা শাস্তিমুলক ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই ।

Bite…গ্ৰাহক ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.